নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাৰ বিভিন্ন প্ৰান্তত অপৰাধ অনুসন্ধান শাখাৰ অভিযানঃ ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১৯ নৱেম্বৰঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ বিভিন্ন স্থানত যোৱা নিশা চোৰাং চাউলৰ বিৰুদ্ধে ৰাজ্যৰ অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখাৰ অভিযান । পাচজনীয়া এটি দলে অভিযান চলাই ৬৬০ বস্তা অন্ন সুৰক্ষাৰ যোজনাৰ চাউল আৰু বহু পৰিমাণৰ সুলভ মূল্যৰ কেৰাচিন তেল জব্দ কৰা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ গুৱাহাটীৰ পৰা অহা সংশ্লিষ্ট বিভাগৰ বিষয়া দিলীপ কুমাৰ ডেকাৰ নেতৃত্বত বিভাগীয় বিষয়াই যোগীঘোপা আৰক্ষীৰ সহযোগত যোগীঘোপা থানাৰ অন্তৰ্গত কাবাইটাৰী বজাৰত অভিযান চলায়। দলটিয়ে যোগীঘোপাৰ কাবাইটাৰী চতুৰ্থ খণ্ডৰ দিলচাদ আলী, মন্নাফ আলী আৰু ৰাহুল আলীৰ গুদাম ঘৰৰ ,বাসগৃহত অভিযান চলাই ৬৬০ বেগ চোৰাং চাউল,৬৬০ লিটাৰ কেৰাচিন তেল, বস্তা চিলাই কৰা মেছিন, এফ চি আইৰ মোহৰযুক্ত চাউলৰ খালি বেগ উদ্ধাৰ কৰে ।

অৱশ্যে দলটোৰ এই অভিযান কালত কোনো লোক কেইজন পলায়ন কৰে। বহু এজেন্ট, সুলভ মূল্যৰ দোকানীয়ে নিৰ্ধাৰিত পৰিমাণতকৈ কম পৰিমাণে চাউল দুখীয়া লোকক দিয়াৰ অভিযোগ উত্থাপিত হৈছিল৷ এই সমস্ত অভিযোগৰ ভিত্তিত দলটিয়ে অভিযান চলোৱা বুলি জানিব দিয়ে ।

প্ৰাপ্ত অভিযোগ মতে, জিলাখনৰ বিভিন্ন স্থানত একাংশ চোৰাং ব্যৱসায়ীয়ে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ ঘাটি গঢ়ি তুলিছে ।এই সমুহ চোৰাং চাউলৰ ঘাটিৰ পৰা নিশাৰ ভিতৰত গাড়ীৰে মেঘালয়, পঞ্জাৱৰ লগতে চুবুৰীয়া দেশ বাংলাদেশলৈ সৰবৰাহ কৰি আহিছে । অভিযোগ মতে, গোৱালপাৰাৰ কামাল হুছেইনৰ নেতৃত্বত দীৰ্ঘদিনৰ পৰা যোগীঘোপাৰ কাবাইটাৰীত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউলৰ ঘাটি স্থাপন কৰি এই ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ।

input: টিংকু চন্দ্ৰ দাস, যোগীঘোপা

You might also like