নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰত অলিয়ে-গলিয়ে গঢ় লৈছে পানী যোগানকাৰী ভুৱা প্ৰতিষ্ঠান; ড্ৰিকিং ৱাটাৰৰ নামত দৈনিক ৰাইজে খাইছে বৰবিহ

তথ্য সংগ্ৰহ কৰিও প্ৰশাসনে পদক্ষেপ নোলোৱাৰ অভিযোগ ৰাইজৰ

নিয়মীয়া বাৰ্তা, ৮ মে’ : তিতাবৰ মহকুমাবাসীক বিশুদ্ধ খোৱাপানী যোগান দিয়াৰ নামত একাংশ আৰ অ’ পানীৰ ব্যৱসায়িক প্ৰতিষ্ঠানে ৰাইজক বৰবিহ খোৱাই অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। এই সন্দৰ্ভত সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি প্ৰকাশ হোৱাৰ পিছতে তিতাবৰ মহকুমা প্ৰশাসন তৎপৰ হৈ পৰিছিল আৰু চৰকাৰী নীতি-নিয়ম উলংঘাৰে যধে-মধে গঢ় লৈ উঠা একাংশ পানী ব্যৱসায়িক প্ৰতিষ্ঠানত গৈ দণ্ডাধীশে তদন্ত আৰম্ভ কৰিছিল। কিন্তু পৰিতাপৰ বিষয় যে বাতৰি প্ৰকাশৰ পিছত তদন্তৰ নামত মাত্ৰ তথ্য সংগ্ৰহ কৰিয়েই দায়িত্ব সামৰিলে তিতাবৰ মহকুমা প্ৰশাসনে। ফলত আৰ অ’ পানীৰ নামত বৰবিহ খোৱাই অহা পানী ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে আজিও প্ৰশাসনৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি গাঁৱে-ভূঞে বেপাৰ চলাই অহাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন মহলে। ৪০ৰ পৰা ৭০ টকাৰ এটা পানীৰ ‘কেন’ বিক্ৰীৰ নামত একাংশ বেপাৰীয়ে ৰাইজক দৈনিক মাথোঁ প্ৰৱঞ্চনা কৰি অহা কথা বৰ্তমান স্পষ্ট হৈ পৰিছে।

তিতাবৰ চহৰৰ লগতে মহকুমাটোৰ অন্তগৰ্ত বৰহোলা, মাধপুৰ, নগাবাট, বেকাজান আদিৰ গ্ৰামাঞ্চলতো বৰ্তমান যথে-মধে পানী বিক্ৰী কৰা প্ৰতিষ্ঠান গঢ় লৈ উঠিছে যদিও প্ৰশাসনে ৰহস্যজনক কাৰণত বিষয়টো গুৰুত্ব দিব নোখোজাৰ অভিযোগ উত্থাপিত হৈছে। যোৰহাট আৰু গোলাঘাটৰ পৰা গাড়ীত কঢ়িয়াই আনিও তিতাবৰ মহকুমাৰ গ্ৰামাঞ্চলৰ একাংশ বিশেষ দোকানে দোকান পানীৰ ২০ লিটাৰৰ কেন যোগান দি অহা পৰিলক্ষিত হৈছে। একাংশ ভুৱা ব্যৱসায়িক প্ৰতিষ্ঠানৰ চূড়ান্ত অতপালিৰ বাবে সঠিকভাৱে কাম থকা ব্যৱসায়ীসকলকো প্ৰায়েই সমস্যাত পেলোৱা দেখা দিছে।

উল্লেখ্য যে যিসমূহ আৰ অ’ পানী বিক্ৰীৰ বাবে সাধাৰণতে উপযোগী সেইসমূহ অতি উন্নতমানৰ পৰীক্ষাৰ প্ৰক্ৰিয়াৰে সোধন কৰা হয়। ইয়াৰ উপৰি এনেদৰে আৰ অ’ পানী প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰিবলৈ সাধাৰণতে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধীকৰণ চমুকৈ এফ এচ এচ এ আইৰ (fssai) লগতে ভাৰতীয় মানক ব্যুৰৰ (Bureau of Indian Standards) অনুজ্ঞাপত্ৰ থাকিব লাগে। কিন্তু পৰিতাপৰ বিষয় যে সম্পূৰ্ণৰূপে অনুমতিপ্ৰাপ্ত মাত্ৰ দুই এটা সংস্থাৰ বাহিৰে মহকুমাটোৰ অধিকাংশ পানী ব্যৱসায়িক প্ৰতিষ্ঠানেই ভুৱা। সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পিছত যোৰহাট জিলাৰ মৰিয়নীত প্ৰশাসনে অভিযান চলাই এনে একাংশ ভুৱা প্ৰতিষ্ঠানক চীল কৰা দেখা গৈছিল। কিন্তু তিতাবৰ মহকুমাত দণ্ডাধীশে প্ৰতিটো পানী ব্যৱসায়িক প্ৰতিষ্ঠানলৈ গৈ নথি পত্ৰ পৰীক্ষা কৰিছিল ঠিকেই। প্ৰয়োজনীয় নথি-পত্ৰ দেখুৱাব নোৱাৰ প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে আজি পৰ্যন্ত কিয় কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে বুলি সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে। দুৰ্ভাগ্যজনক কথা যে প্ৰশাসনৰ এনে সোপাঢিলা নীতিৰ পৰিপ্ৰেক্ষিতত বৰ্তমানেও একাংশ লোকে ঘৰতে ভূ-গৰ্ভৰ পৰা উত্তোলন কৰা পানী সৰু চিনটেক্স এটাত বিশুদ্ধিকৰণৰ নামত অভুৱা ভাৰি বজাৰত মুক্তভাৱে দৈনিক বিক্ৰী কৰি থাকিবলৈ সাহস কৰিছে। ইফালে বাণিজ্যিক ক্ষেত্ৰত ভূ-গৰ্ভৰ পৰা পানী উত্তোলনৰ বাবে চৰকাৰী অনুমতি প্ৰয়োজন যদিও তিতাবৰ মহকুমাত গাঁৱে-ভূঞে গঢ়ি উঠা অধিকাংশ পানী বিক্ৰী প্ৰতিষ্ঠানৰে তেনে কোনো চৰকাৰী অনুমতি নাই বুলি জানিব পৰা গৈছে।

প্ৰণিধানযোগ্য যে তিতাবৰ মহকুমাৰ ভূ-গৰ্ভত যথেষ্ট পৰিমাণে আৰ্চেনিক থকাৰ কথা ইতিমধ্যে পৰীক্ষাত প্ৰমাণিত হৈছে। ইয়াৰ পিছতো একাংশ পানী ব্যৱসায়িক প্ৰতিষ্ঠানে ভূ-গৰ্ভৰ পৰা উত্তোলন কৰা পানীসমূহ কেনেদৰে আৰ্চেনিক মুক্ত কৰিছে সেয়া সন্দেহৰ বিষয়। খোৱাপানী বিশুদ্ধকৰণৰ নামত একাংশ বেপাৰীয়ে মাত্ৰ সাধাৰণ ফিল্টাৰ কৰিয়েই বিশ লিটাৰৰ বটলত ভৰাই বিক্ৰী কৰি ফুৰা কাৰ্যই মানুহৰ জীৱনক লৈ একপ্ৰকাৰ হেতালী খেলিছে বুলি গুৰুতৰ অভিযোগ উঠিছে। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰা এনে পানী যোগানকাৰী ভুৱা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে শীঘ্ৰে উচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ যোৰহাট জিলা তথা তিতাবৰ মহকুমা প্ৰশাসনক সচেতন ৰাইজে দাবী জনাইছে।

You might also like