নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেলছিৰ নতুন মালিক আমেৰিকাৰ ট’ড

নিয়মীয়া বাৰ্তা, ৮ মে’ : ব্রিটিছ ফুটবল ক্লাব চেলছি কিনাৰ সপোন পূৰণ নহ’ল ছেৰেনা উইলিয়ামছ আৰু লুইছ হেমিল্টনৰ৷ তেওঁলোকক অতিক্রম কৰি ক্লাবটো ক্রয় কৰিলে আমেৰিকাৰ ব্যৱসায়ী টড বোৱেলিৰ মালিকানাধীন এটা সংস্থাই৷ ক্লাবটোৰ তৰফৰ পৰা জনোৱা অনুসৰি অভিলেখসংখ্যক ৪০০ বিলিয়ন দৰত টডে ক্রয় কৰিলে চেলছি৷ কিছুদিন পূর্বে চেলছিৰ মালিকানা ক্রয়ৰ বাবে মূল্য–পত্র জমা দিয়া হৈছিল৷ সেই সময়ত মূল্য–পত্র জমা দিছিল ব্রিটিছ ব্যৱসায়ী মার্টিন ব্রঘটনে৷ তেওঁৰ লগতে যোগ দিয়ে ছেৰেনা আৰু হেমিল্টনে৷ কিন্তু শেষপর্যন্ত তেওঁলোকে কিনিব নোৱাৰিলে চেলছি৷

উল্লেখ্য যে ক্লাবটো ক্রয় কৰা টডৰ আছে বিনিয়োগৰ ব্যৱসায়৷ আমেৰিকাৰ বেছবল দল লছ এঞ্জেলছ ডজার্ছৰো অন্যতম স্বত্বাধিকাৰী তেওঁ৷ যথেষ্টসংখ্যক বৃহৎ সংস্থাত বিনিয়োগ কৰিছে টডে৷ কিছুদিন ধৰি আলোচনা চলি থকাৰ পিছত তেওঁ অভিলেখসংখ্যক মূল্যত চেলছি ক্রয় কৰিবলৈ সক্ষম হয়৷ উল্লেখ্য যে ইউক্রেইন আৰু ৰাছিয়াৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পিছতে চেলছিৰ সঞ্চালক পদৰ পৰা আঁতৰোৱা হৈছিল ৰাছিয়াৰ ধনকুবেৰ আব্রাম’ভিচক৷ অভিযোগ অনুসৰি ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনৰ সৈতে তেওঁৰ সুসম্পর্ক আছিল৷

সেইবাবে ব্রিটেইনত তেওঁক নিষিদ্ধ কৰা হয়৷ আব্রাম’ভিচৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰে ব্রিটিছ চৰকাৰে৷ চেলছিৰ বেংক একাউণ্টো বন্ধ কৰি দিয়া হয়৷ ব্রিটিছ চৰকাৰে জনোৱা মতে, ১০ মার্চৰ পূর্বে চুক্তিবদ্ধ সকলোকে প্রাপ্য বেতন দিয়া হ’ব৷ কিন্তু কোনো নতুন ফুটবলাৰক ক্লাবটোৱে চুক্তিবদ্ধ কৰিব নোৱাৰিব আৰু কোনো খেলুৱৈৰ চুক্তিৰ ম্যাদ বৃদ্ধি কৰিব নোৱাৰিব৷ আমেৰিকাৰ এটা বেংকে চেলছি বিক্রীৰ বিষয়টো তদাৰক কৰিছে৷ ক্লাব বিক্রীৰ টকা আব্রাম’ভিচে নাপাব৷ সেই ধন ইউক্রেইনৰ যুদ্ধবিধ্বস্তসকলৰ্ পুনর্বাসনৰ কামত খৰচ কৰা হ’ব৷

You might also like