নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিভাইডাৰৰ ওপৰত উঠিল চাৰিচকীয়া বাহন; গুৰুতৰভাৱে আহত ১জন

নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট : আজি সন্ধিয়া দুলীয়াজান চহৰৰ মাজমজিয়াত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা । এখন তীব্ৰবেগী বাহনে অৱস্হান কৰি থোৱা দুখন বাহনক প্ৰচণ্ড জোৰেৰে খুন্দিয়াই তীব্ৰবেগী বাহন উঠিল ডিভাইডাৰ ওপৰত ।

প্ৰাপ্ত তথ‍্য অনুসৰি এ এছ ০৬ আৰ ০১২৮ নম্বৰযুক্ত এখন আই টুৱেন্টি বগা ৰঙৰ বাহনখনে তীব্ৰ বেগেৰে ভৱানী মাৰ্কেট অতিক্ৰম কৰি সোণাপুৰ নামঘৰৰ সমীপত অৱস্হান কৰি থোৱা এ এছ ০৬ ডব্লিউ ১৪০৩ নম্বৰযুক্ত আই টেন আৰু এ এছ ২৩ ৱাই ৭৭৬৭ নম্বৰযুক্ত এখন টাটা টিয়াগো বাহনক খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইডাৰ ওপৰত ওলমি থাকে আই টুৱেন্টি বাহনখন । ঘটনাৰ সময়ত ৰাজপথৰ কাষৰীয়া দোকান-বজাৰ বন্ধ হৈ থকাৰ ফলত জনসমাগম নথকাত এই দূৰ্ঘটনাটোত বহুলোক নিশ্চিত ভয়াবহ বিপদৰ পৰা ৰক্ষা পৰিল বুলি প্ৰত‍্যক্ষদৰ্শীয়ে জানিবলৈ দিছে।

আই টুৱেন্টিৰ চালক তথা গৰাকীজন অইল ইণ্ডিয়াৰ টেন্সপৰ্ট বিভাগৰ চাকৰিয়াল তথা ৰেলৱে কলনিৰ নিবাসী উদয় ফুকন (৩৫) বুলি যানবাহন আৰক্ষীৰ সূত্ৰে জানিব পৰা গৈছে । গুৰুতৰ আঘাতপ্ৰাপ্ত যুৱকজনক সম্প্ৰতি ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাললৈ প্ৰেৰণ কৰিছে ।

You might also like