নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

HSত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ২২ হাজাৰ ছাত্ৰীলৈ স্কুটীঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৭ নবেম্বৰঃ HSত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ২২ হাজাৰ ছাত্ৰীক প্ৰদান কৰা হ’ব স্কুটী। এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

এইবাৰ আমি সিদ্ধান্ত কৰিছো যে এই বছৰ প্ৰতিমাহে ৭০০টকাৰ বিপৰীতে ১০০০ টকাকৈ হোষ্টেলত থকা ল’ৰা-ছোৱালীক চৰকাৰী ৰাজসাহায্য আগবঢ়াম বুলি মন্তব্য শিক্ষামন্ত্ৰী ড০ শৰ্মাৰ

‘মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ হ’লে আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰো। ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত আমি বুজি পাইছিলো যে এইবাৰ কম্পিউটাৰ কিনা আৰু চৰকাৰীভাৱে যোগান ধৰা সম্ভৱ নহয়। আমি তেওঁলোকৰ একাউণ্টত ২০ হাজাৰ টকাকৈ আগবঢ়াইছিলো আৰু আজি মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ এমাহ-আঢ়ৈ মাহৰ পাছত কম্পিউটাৰ দিয়াৰ ব্যৱস্থা আম্ভ কৰিছিলো।

এই বছৰৰ ডিচেম্বৰ মাহত অসমত যিমান হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰী আছে অৰ্থাত ২২ হাজাৰ ছাত্ৰীক ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত আমি একো একোখন স্কুটী যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছো বুলি মন্তব্য শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

You might also like