নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত ডাম্পাৰে মহটিয়ালে দুই বাইক আৰোহীক; থিতাতে নিহত এজন

নিয়মীয়া বাৰ্তা, ১২ মে’:  লখিমপুৰ নগৰৰ মাজ মজিয়াত মাত্ৰ দুদিন পূৰ্বে ডাম্পাৰে এজন লোকক খুন্দিয়াই নিহত কৰাৰ পিছত আজি পুনৰ আন এক দুৰ্ঘটনা সংঘটিত হয়। লখিমপুৰ ৰ বাইপাছত এখন ডাম্পাৰে দুই বাইক আৰোহীক মহটিয়াই নিয়া ঘটনাই নগৰখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আজি পুৱা ১১.৩০মান বজাত পহুমৰা দিশৰ পৰা মিক্সাৰ কয়লা কঢ়িয়াই অনা এ এচ ২৩ চি চি ৫৪৭৯ নম্বৰৰ ডাম্পাৰখনে লখিমপুৰ বাইপাছৰ চাবতিত দুই বাইক আৰোহী যুৱকক মহটিয়াই নিয়াৰ ফলত এজন যুৱক থিতাতে নিহত হয়৷ লক্ষণীয় কথা যে লীলাবাৰী দিশৰ পৰা এ এচ ০৭ এফ ১৪৮প্ত নম্বৰৰ বাইকখনেৰে তীব্ৰ বেগেৰে নিপু নাথ [২৭] আৰু ৰাজু গোৱালাই আহি ডাম্পাৰখনত খুন্দা মৰাৰ ফলতে নিপু নাথ ঘটনাস্থলীতে নিহত হোৱাৰ বিপৰীতে ৰাজু গোৱালা গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয়৷ বাইক আৰোহী দুয়োজনৰে ঘৰ লখিমপুৰৰ কদমত৷ উল্লেখ্য যে লখিমপুৰত আজি কিছু দিনৰ পৰা অভাৱনীয় হাৰত পথ দুৰ্ঘটনা বৃদ্ধি পোৱাৰ লগতে ডাম্পাৰৰ বাবে বহু লোকৰ অকালতে মৃত্যু হৈছে৷ ইতিমধ্যে আৰক্ষীয়ে ডাম্পাৰখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে৷ ইফালে গুৰুতৰ ভাৱে আহত ৰাজু গোৱালাক সংকটজনক অৱস্থাত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছে৷ বিভিন্ন সংগঠনে নগৰখনত ডাম্পাৰ আৰু টেক্টৰ সমুহক নিয়ন্ত্রণ কৰিবলৈ দাবী জনাই আহিছে যদিও প্ৰশাসনে ব্যবস্থা গ্রহণ নকৰাৰ ফলত সঘন দুৰ্ঘটনা ত নিৰীহ লোকে প্ৰাণ হেৰুৱাব লগীয়া হোৱা ঘটনাৰ পুনৰাবৃত্তি ঘটিব ধৰিছে।
You might also like