নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত হোমেন বৰগোহাঞিৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী পালন

নিয়মীয়া বাৰ্তা, ১২ মে’ : প্ৰতিথযশা কথাশিল্পী ,সাংবাদিক ,অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিৰ দ্বিতীয় মৃত্যু দিৱস অসমৰ অন্যান্য ঠাইৰ লগতে সাহিত্যিকজনাৰ ওপজা ঠাই ঢকুৱাখনাতো পালন কৰা হয়। হোমেন বৰগোহাঞি ন‍্যাস আৰু ঢকুৱাখনা মহাবিদ্যালয়ৰ এন এছ এছ গোটৰ যৌথ উদ‍্যোগত বৰগোহাঞিৰ কৰ্ম জীৱন আৰু আদৰ্শ সম্পৰ্কে নৱ প্ৰজন্মক অৱগত আৰু উদ্ধুদ্ধ কৰাৰ লক্ষ্য আৰু উদ্দেশ‍্যৰে ‘প্ৰেৰণাৰ এপষেক’ নামেৰে এক পষেকজোৰা কাৰ্যসূচী গ্রহণ কৰা হৈছে । আজি দ্বিতীয় মৃত্যু বাৰ্ষিৰ্কীৰ লগত ৰজিতা খোৱাই আজি ঢকুৱাখনাৰ অগ্ৰণী শিক্ষানুষ্ঠান হাৰ্হি উচ্চতৰ মাধ‍্যমিক বিদ্যালয়ত প্ৰেৰণাৰ এপষেকৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষত আয়োজিত সভাখনত পৌৰোহিত‍্য কৰে শিক্ষানুষ্ঠানখনৰ অধ‍্যক্ষ আব্দুল আৱাল খানে । হোমেন বৰগোহাঞি ন‍্যাসৰ সমন্বয়ক দুলেন চমুৱাই বিষয়-বস্তুৰ ওপৰত আলোকপাত কৰা সভাখনত আদৰণি বক্তব্য ৰাখে ঢকুৱাখনা মহাবিদ্যালয়ৰ উপাধ‍্যক্ষ চিত্ৰ কুমাৰ কোঁচে ‌‌। সভাত হোমেন বৰগোহাঞিৰ সাহিত্যিক জীৱনৰ ওপৰত এক মনোজ্ঞ আলোচনা আগবঢ়াই ঢকুৱাখনা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ‍্যাপিকা বিভাৰাণী দাসে । সভাখনত শিক্ষানুষ্ঠানখনৰ শিক্ষক-কৰ্মচাৰী,ছাত্ৰ-ছাত্ৰী সকলৰ উপৰিও স্থানীয় কেইবাগৰাকীও বিশিষ্টলোকে অংশগ্ৰহণ কৰে । অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ সমন্বয়ক টবেন্দ্ৰ নাথ দাসে । আনহাতে সন্ধিয়া ৬ বজাত ঢকুৱাখনা নগৰৰ মাজ-মজিয়াত অৱস্থিত হোমেন বৰগোহাঞি ন‍্যাসতো এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সম্পন্ন হয়।

প্রেৰক পুলকজ্যোতি বৰা

You might also like