নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীনদীৰ ১৫ খন পূজা মণ্ডপত বেল বোধনৰে শাৰদী ৰাণীক আদৰাৰ প্ৰস্তুতি

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ আজিৰে পৰা আৰম্ভ হ’ল শাৰদীয় উৎসৱ দুৰ্গা পূজা। চাৰিদিনীয়া কাৰ্যসূচীৰে সমগ্ৰ দেশ তথা ৰাজ্যতে অনুষ্ঠিত হব লগা দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ পূজাক লৈ চৌদিশে সৃষ্টি হৈছে এক আনন্দমুখৰ পৰিবেশ।

শাৰদী ৰাণী দেৱী দূৰ্গাক আদৰিবলৈ পূজাৰ মণ্ডপে মণ্ডপে অন্তিম প্ৰস্তুতি তুংগত উঠিছে। আজি পূজাৰ বেদীত দেৱীৰ প্ৰতিমা প্ৰতিষ্ঠা কৰি পুৰোহিতৰ মংগল মন্ত্ৰোচাৰণ মাজেদি বেল বোধনৰে আৰম্ভ হব ষষ্ঠীৰ যথাবিধি পূজা। ইয়াকে লৈ এতিয়া পূজা উদযাপন সমিতি সমুহৰ মাজত ব্যস্ততাৰ অন্ত নপৰে।

ইতিমধ্যে লখিমপুৰ জিলাৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত বগীনদীৰ বিভিন্ন অঞ্চলত ১৫ খন পূজা মণ্ডপত উদযাপন কৰা হব শাৰদীয় দুৰ্গোৎসৱ। এইক্ষেত্ৰত বগীনদী অঞ্চলৰ সবাতোকৈ পুৰণি ৫৬ বছৰ গৰকা চিয়াজুলী অঞ্চলৰ পূজা মণ্ডপ দীৰ্ঘা চিয়াজুলী আঞ্চলিক দূৰ্গা পূজা উদযাপন সমিতিয়ে দূৰ্গা দেৱীক আদৰিবলৈ যেনেদৰে আটকধুনীয়াকৈ মণ্ডপ সজাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

ঠিক তেনেদৰে এইবাৰ প্ৰথমবাৰৰ বাবে পূজা আয়োজন কৰা দীৰ্ঘা মাজ গাঁও দূৰ্গা পূজা উদযাপন সমিতিয়ে আকৰ্ষণীয়কৈ পূজা মণ্ডপ সজাই পূজাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। ইয়াৰ সমান্তৰালকৈ বগীনদী দৈনিক বজাৰত বগীনদী ব্যৱসায় সন্থা পূজা উদযাপন সমিতি, মৰ্ডাণ ক্লাৱ, ভীমপৰা হেকেৰাজানৰ এইচ বি টি ক্লাৱ, তাৰিয়ণি পূজা সমিতি, আনন্দ বাগান, চাউলধোৱা ঘাট, কাকৈৰ হাজং গাঁও, চিয়াজুলী পঞ্চায়ত, উত্তৰ গোমনদী, বোকানলা, পি, জি আৰ নেপালী গাঁৱৰ পূজা সমিতিয়ে পূজাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি আজি সন্ধিয়াৰ ষষ্ঠীৰ পূজাৰে শাৰদীয় ৰাণী দেৱী দুৰ্গাৰ পূজা আৰম্ভ কৰিব।

Input: ভূবন গৌতম 

You might also like