নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত মৃত্যু হোৱা কোকৰাঝাৰৰ সেনা জোৱান স্বপন বৰ্মনৰ সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন

নিয়মীয়া বাৰ্তা, ১১ অক্টোবৰঃ  কথা দিছিল মৰমৰ পত্নী, সুখ-দুখৰ জীৱন সংগিনীক৷ মই পূজাৰ ছুটিত ঘৰলৈ অহাৰ আৰু পূজাৰ পিচত দিল্লীতেই একেলগে ৰখাৰ কিন্তু সেয়া নহ’লগৈ৷ যোৱা ৮ অক্টোবৰত ঘৰলৈ আহিম বুলি কোৱা মানুহজন দেখোন পুস্পসজ্জিত বগা কফিনৰ ভিতৰতহে গভীৰ নিদ্ৰামগ্নভাৱে নিদ্ৰাদেৱীৰ কোলাত চিৰদিনৰ বাবে আহিছে দিল্লীৰ পৰা৷

কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱ মহকুমাৰ মোৱামাৰী বৰ্মনপাৰাৰ প্ৰয়াত ননী গোপাল বৰ্মন আৰু তাৰা বৰ্মনৰ পুত্র ভাৰতীয় সেনা জোৱান স্বপন বৰ্মনৰ কৰুণ কাহিনী৷ পিতৃহীন স্বপনক মাকে বহু কষ্টৰে তুলি-তালি ডাঙৰ-দীঘল কৰিছিল৷তীব্ৰ আৰ্থিক অনাটনৰ মাজেদি মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিচত ভাৰতীয় সেনা বাহিনীৰ মিলিটাৰী ইঞ্জিনিয়াৰিং ছাৰ্ভিচত ২০১০ চনত যোগদান কৰিছিল স্বপনে৷ অমায়িক ,সকলোৰে লগত সহজতে মিলিব পাৰা স্বপনৰ মৃত্যুত এতিয়া শোকস্তব্ধ মোৱামাৰী বৰ্মনপাৰাৰ অঞ্চলবাসী৷ নিজ পুত্ৰ তথা স্বামী আৰু উপাৰ্জনকাৰীক অকালতে হেৰুৱাই দিক-বিদিক হেৰুৱাইছে দুৰ্ভগীয়া পৰিয়ালটো ।

যোৱাকালি নিশা মোৱামাৰীস্থিত বাসগৃহত দিল্লীৰ পৰা আহি পোৱা স্বপনৰ সম্পৰ্কে সম্পৰ্কীয় আৰু গাওঁবাসীয়ে সংবাদ মাধ্যমৰ আগত জানিব দিয়ে যে পূজাৰ বন্ধত ছুটি মঞ্জুৰ লাভ কৰা স্বপনে ৮ অক্টোবৰত ঘৰলৈ আহিব বুলি জনাইছিল৷কিন্তু আহিবৰ বাবে সকলো প্ৰস্তুতি চলোৱা স্বপন আহিল নিথৰ দেহ হৈ৷সম্পৰ্কীয় সকলে জানিব দিয়া অনুসৰি নিশা শুই থকা স্বপনক ৮ অক্টোবৰৰ পুৱালৈকে বিছনাৰ পৰা উঠি নহা দেখি সতীৰ্থ সকলে সেনাৰ কোৱাৰ্টাৰত গৈ জগাবলৈ যাওঁতেহে স্বপনৰ মৃত্যু পোহৰলৈ আহে৷

You might also like