নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহেন্দ্ৰ সিং ধোনী এটি নাম নহয় এটি আৱেগ পুনৰ প্ৰমাণ কৰিলে অনুৰাগীয়ে…

নিয়মীয়া বাৰ্তা ১১ অক্টোবৰঃ  মহেন্দ্র সিং ধোনী নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে আই পি এলৰ ফাইনেলত প্রৱেশ কৰিছে৷ দেওবাৰে অনুষ্ঠিত কোৱালিফায়াৰ ১ত দলটোৱে দিল্লী কেপিটেলছক ৪ উইকেটত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ ১৭৩ ৰানৰ লক্ষ্যৰ পিছ লৈ চেন্নাই ছুপাৰ কিংছে দুটা বল বাকী থকা অৱস্থাত ৬ উইকেটৰ বিনিময়ত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰে৷

কিন্তু এই মেচ খনত ভাৰতৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ পুৰণি ৰূপত প্ৰশংসকলে দেখিবলৈ পায়। সেই সময়ত চেন্নাই ছুপাৰ কিংছৰ ১৪৯/৫ টা উইকেইট হেৰুৱাইছিল। মেচখনত ধোনীয়ে মাত্ৰ ৬ টা বলত ৪ টা বাউণ্ডেৰী আৰু আৰু এটা অভাৰবাউণ্ডেৰীৰ সহায়ত ১৮ ৰাণ সংগ্ৰহ কৰে।  এটা সময় এনে আছিল যে দিল্লী কেপিটেলছ সহজতে জয়ী হ’ব বুলি অনুমান কৰা হৈছিল যদিও মহেন্দ্ৰ সিং ধোনীৰ বিস্ফোৰণে  সেই আশাক ধূলিসাৎ কৰিলে।

যেতিয়া মহেন্দ্ৰ সিং ধোনীয়ে মেচ খনত বিস্ফোৰক বেটিং কৰি আছিল তেতিয়া ষ্টেডিয়ামত থকা এজনী সৰু ছোৱালী বহুত আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। তাই চেন্নাই চুপাৰকিংছৰ জাৰ্ছী পিন্ধি আছিল। হালধীয়া সৈন্যক জয়ী হোৱা দেখি সৰু ছোৱালী জনী আৱেগত কান্দি দিছিল। সেই ফটো খন ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈছে। সেইয়েহে ধোনীৰ প্ৰশসংক সকলে কৈছে ধোনী এক নাম নহয় আৱেগ ।

আৱেগিক হৈ পৰা সৰু ছোৱালীজনীয়েও ধোনীৰ পৰা বিশেষ উপহাৰ লাভ কৰে।   মেচখনৰ অন্তত  ধোনীয়ে সেই সৰুছোৱালী জনীক সেই বলটো  উপহাৰ হিচাপে প্ৰদান কৰে।

You might also like