নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাইলাকান্দিৰ উপায়ুক্তৰ সংবাদ মেলঃ কোৱাৰেণ্টাইনত থকা ক’ভিড ৰোগীয়েও কৰিব পাৰিব ভোটদান

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ হাইলাকান্দি জিলাত নিকা আৰু শান্তিপূৰ্ণ ভোটদানৰ বাবে হাইলাকান্দি প্ৰশাসনে সকলো প্ৰাৰম্ভিক প্ৰস্তুতি সম্পন্ন কৰিছে। হাইলাকান্দি জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ ৭১১ টা ভোটকেন্দ্ৰত এইবাৰ মুঠ ৪,৯৭,৪৫০ জন ভোটাৰে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। ৭১১ টা ভোটগ্ৰহণ কেন্দ্ৰৰ মাজত ২৪৭ টা স্পর্শকাতৰ বুলি চিনাক্ত কৰা হৈছে।

হাইলাকান্দি উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এক সাংবাদিক বৈঠকত হাইলাকান্দিৰ জিলা উপায়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া মেঘ নিধি দাহালে এই তথ্য সদৰী কৰে। তেওঁ জনায় যে, কোভিড মহামাৰীৰ ফলত এইবাৰ ৫৫ টা ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা হৈছে।

হাইলাকান্দি জিলাৰ ৮০ ৰ উৰ্ধৰ ৩৯৫৪ জন আৰু বিশেষভাবে সক্ষম ৫১৮২ জন ব্যক্তিয়ে নিৰ্বাচন আয়োগৰ নতুন নিয়ম অনুসৰি পোষ্টেল বেলেটৰ মাধ্যমত ঘৰৰ পৰাই ভোটদান কৰিব পাৰিব।

You might also like