নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“ক’ৰোনা কালত অসম তথা দেশত কংগ্ৰেছ চৰকাৰ থকা হ’লে সমগ্ৰ দেশ মৃত্যু উপত্যকাত পৰিণত হ’লহেতেন”

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোঁষণাৰ প্ৰাকমূহুৰ্তত মন্ত্ৰী অতুল বৰাই সেৱা ল’লে স্থানীয় নামঘৰত। ভগৱানৰ শ্ৰী চৰণত সেৱা লৈ মন্ত্ৰী অতুল বৰাই কয়, “এইবাৰ অসমত আকৌ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ’ব। দেশ স্বাধীন হোৱাৰ পৰা সমগ্ৰ ভাৰতবৰ্ষতে কংগ্ৰেছ দলে প্ৰায় ৭০ বছৰ শাসন কৰিলে। অসমতো দীঘলীয়া সময় কংগ্ৰেছৰ দখলত আছিল। ৭০ বছৰে কৰিব নোৱাৰ কাম পাঁচটা বছৰত বিজেপি মিত্ৰজোঁট চৰকাৰে কৰি দেখুৱালে। অসমৰ ৰাইজে উন্নয়নৰ সোৱাদ পাইছে আৰু সদায় উন্নয়নৰ পক্ষত থাকিব।”

অসমৰ প্ৰতিটো বিভাগতে অভূতপূৰ্ব উন্নয়ন হোৱা বুলি প্ৰকাশ কৰি মন্ত্ৰী অতুল বৰাই কয় যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য তথা বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাবেই আজি অসমত উন্নয়নৰ জোৱাৰ উঠিছে। একেদৰে অগপ দলটোকো অসমৰ প্ৰতিটো প্ৰান্তত ৰাইজে আদৰি লৈছে। সেইয়ে এই নিৰ্বাচনত অগপই ২০১৬ ৰ নিৰ্বাচনতকৈ বেছি আসনত প্ৰতিদ্বন্দিতা কৰিব বুলি জানিবলৈ দি মন্ত্ৰী অতুল বৰাই কয় যে জয়ী হ’ব পৰা প্ৰ্তিটো সমষ্টিত প্ৰাৰ্থীত্ব আগবঢ়াব হ’ব। ইতিমধ্যে বিজেপি দলৰ লগত আলোচনা হোৱা বুলিও উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে।

লগতে মন্ত্ৰী অতুল বৰাই কয় যে নতুন ৰাজনৈতিক দলৰ জন্মই হ’ল কংগ্ৰেছ আৰু এ-আই-ইউ-ডিক নিৰ্বাচনত সহায় কৰা।

আনহাতে কংগ্ৰেছ মহাযুঁটে ১০০ ৰ অধিক আসন পাব বুলি দাবী কৰা সন্দৰ্ভত মন্ত্ৰী অতুল বৰাই কয় যে কংগ্ৰেছ দলে জনতাৰ আগত কথা কবলৈ এতিয়া আৰু একো নাই। বিজেপি মিত্ৰজোঁটে ১০০ ৰ অধিক আসন পাম বুলি কোৱাৰ বাবেই কংগ্ৰেছে কৈ থাকে। ক’ৰোণা কালত অসম তথা দেশত কংগ্ৰেছ চৰকাৰ থকা হ’লে দেশ তথা অসম মৃত্যু উপত্যকাত পৰিণত হ’লহেতেন বুলি উল্লেখ কৰি অতুল বৰাই কয় অসমত কংগ্ৰেছ চৰকাৰ আহিলে বুজাব নোৱাৰা ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ’ব।

You might also like