নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ নং থুৰিবাৰী সমষ্টিৰ কংগ্ৰেছ-এইউডিএফৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ সমৰ্থনত বিজনীত এইউডিএফৰ নিৰ্বাচনী সভা

নিয়মীয়া বাৰ্তা ২৮ নৱেম্বৰঃ  চিৰাং জিলাৰ বিজনীৰ পুৰণি বিজনীত  আজি  এইউডিএফৰ নিৰ্বাচনী সভা অনুষ্ঠিত  হয়। ১৯ নং থুৰিবাৰী (মুকলি) সমষ্টিৰ কংগ্ৰেছে – এইউডিএফ  ৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ সমৰ্থনত অনুষ্ঠিত এই সভাত এইউডিএফ  ৰ ধীং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম অংশগ্ৰহণ কৰি কয় বিজেপিয়ে বিটিচি নিৰ্বাচনত দুই দলৰ লগত মিত্ৰতা কৰিছে ।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিপিএফ আৰু মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইউপিপিএলৰ সৈতে মিত্ৰতা ৰাখিছে। কিন্তু বিজেপিৰ সৈতে থকা কোনো দলৰে মিত্ৰতাক মানি লোৱা নহ’ব। বিটিচিত বিজেপিৰ শিপা গজিবলৈ দিয়া নহব। ইফালে এই সভাত এইউডিএফ   ৰ আন এজন জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামে অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত কয় বিপিএফ – বিজেপিৰ মিত্ৰতা এতিয়াও আছে। গতিকে এইবোৰ গালি গালাজ নাটক । হিমন্ত বিশ্ব শৰ্মাৰ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন। কিন্তু তেওঁ অৱস্থা এতিয়া থৰক বৰক। সেই বাবে ভাবিছে বিটিচিত আহি কিবা এটা কৰি দিল্লীক সুখী কৰা। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ এই সপোন কেতিয়াও সাৰ্থক নহব। কাৰণ বিটিচিত বিজেপিৰ কোনো স্থিতি নাই। বিটিচিত বিজেপিয়ে শূন্য আসন হববুলি ব্যক্ত  কৰে  হাফিজ ৰফিকুল ইছলামে । উক্ত সভাত থুৰিবাৰী সমষ্টিৰ প্ৰাৰ্থী খলিলুৰ ৰহমান সহ অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে।

You might also like