নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমচৈ পাহাৰত মৃত অৱস্থাত উদ্ধাৰ বনৰীয়া হাতী

নিয়মীয় বাৰ্তা, ২৫ ছেপ্টেম্বৰঃ আমচৈ অঞ্চলৰ দাপনিবড়ীৰ দক্ষিণ দিশত থকা তিনিটামান পাহাৰৰ ওপৰত মৃত অৱস্থাত পৰি থকা বয়সস্থ বনৰীয়া মাইকী হাতী এটা ২৩ ছেপ্টেম্বৰত দাপনিবড়ীৰ গৰখীয়া এজনৰ দৃষ্টিগোচৰ হয়।

গৰখীয়াজনে লগে লগে ধৰমতুল আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত খবৰ দিয়াত বনকর্মীসকলে ঘটনাস্থলীলৈ গৈ হাতীটোক প্রত্যক্ষ কৰে। বন বিভাগৰ সূত্রে জানিব পৰা মতে, মাইকী হাতীটো গাভিনী আছিল আৰু শিলৰ পৰা পিছলি পৰি মৃত্যু হয়।

ধৰমতুল আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ বনকর্মীয়ে মৃত হাতী আৰু পোৱালিটোৰ ২৪ ছেপ্টেম্বৰত মৃত্যু হোৱা ঠাইতেই পোতাৰ ব্যৱস্থা কৰে।

You might also like