নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Birthday Special: ভাৰতৰ সেইখন ‘দেৱাল’ যাক ভাঙিব নোৱাৰিলে বিশ্বই…

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ বিশ্বৰ সৰ্ববৃহৎ দেৱাল ৰূপে চীনৰ দেৱালেই জনাজাত। কিন্তু ক্ৰিকেট জগতৰ দেৱাল ৰূপে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক আৰু মহান বেটছমেন ৰাহুল দ্ৰাবিদক জনা যায়। তেওঁক বিশেষ ৰূপত ভাৰতীয় ক্ৰিকেটৰ দেৱাল বুলি কোৱা হয়।

আজি এই দেৱালৰূপী মানৱ ৰাহুল দ্ৰাবিদৰ জন্মদিন। ১১ জানুৱাৰী ১৯৭৩ চনত মধ্য প্ৰদেশৰ ইন্দোৰত জন্মগ্ৰহণ কৰা ৰাহুলক ৰানৰ মেচিন বুলিও জনা যায়।

সকলোতকৈ বেছি বল খেলা খেলুৱৈ-

আপুনি জানি আচৰিত হ’ব যে টেষ্ট ক্ৰিকেটত ৫ হাজাৰতকৈ অধিক ৰান আহৰণ কৰা ২০৮ জন খেলুৱৈ আছে। ১০ হাজাৰৰো অধিক টেষ্টত বলৰ সন্মুখীন হোৱা খএলুৱৈ আছে ৭৫ জন খেলুৱৈ। টেষ্ট ক্ৰিকেটত ১৫ হাজাৰৰো অধিক বল খেলা খেলুৱৈ আছে ৩৩ জন খেলুৱৈ। ইপিনে ২০ হাজাৰ বলৰ সন্মুখীন হোৱা খেলুৱৈ আছে মুঠ ১২ জন খেলুৱৈ। আনকি টেষ্ট ক্ৰিকেটত ২৫ হাজাৰৰো অধিক বল মুঠ ৬ জন খেলুৱৈয়েহে সন্মুখীন হৈছে। কিন্তু টেষ্ট ক্ৰিকেটত ৩০ হাজাৰতকৈ অধিক বলৰ সন্মুখীন হোৱা একমাত্ৰ খেলুৱৈ আছে কেৱল ৰাহুল দ্ৰাবিদ।

ক্ৰিকেটৰ ‘দেৱাল’ ৰাহুলৰ ক্ৰিকেট কেৰিয়াৰ-

১৯৯৬ চনৰ এপ্ৰিলত এদিনীয়া ক্ৰিকেটত আৰু ১৯৯৬ চনৰ জুন মাহত টেষ্ট ক্ৰিকেটত অভিষেক ঘটোৱা ৰাহুলে তেওঁৰ ক্ৰিকেট কেৰিয়াৰৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় খেল খেলিছিল ২০১২ চনত। ১৬৪ খন টেষ্ট মেচত ৰাহুলে সৰ্বমুঠ ৩১,২৫৮ টা বলৰ সন্মুখীন হৈছে, যিটো হৈছে এক বিশ্ব অভিলেখ। টেষ্ট ক্ৰিকেটত তেওঁ ৫ টা দ্বি-শতক, ৩৬ টা শতক আৰু ৬৩ টা অৰ্ধ শতক আছে। আনহাতে ১,৬৫৫ টা ছয়ও তেওঁৰ নামত আছে। টেষ্ট ক্ৰিকেটত তেওঁৰ নামত ১৩,২৮৮ ৰান সংগ্ৰহ কৰাৰ অভিলেখ আছে।

ইপিনে এদিনীয়া ক্ৰিকেটত ৰাহুলে ৩৪৪ খন মেচত অংশ লৈ ৩১৮ টা ইনিংছত ১০,৮৮৯ ৰান সংগ্ৰহ কৰিছে। য’ত তেওঁ ৪০ বাৰকৈ অপৰাজিত হৈ থাকে। এদিনীয়া ইতিহাসত তেওঁ ১২ টা শতক আৰু ৮৩ টা অৰ্ধ শতক সংগ্ৰহ কৰিছে। উল্লেখ্য যে এদিনীয়া ক্ৰিকেটত ৰাহুলে ৯৫০ টা চাৰি মাৰিছে।

You might also like