নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ কৃষক মৰ্চাৰ ৰাণী মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰঃ বিজেপিৰ কৃষক মৰ্চাৰ গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত ৰাণী মণ্ডলত আজি মণ্ডলৰ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয়। উক্ত সভাত সভাপতিত্ব কৰে পবিত্ৰ বৰুৱাই। সভাখন পতাকা উত্তোলনৰ লগতে বন্তি প্ৰজ্বলন আৰু মাতৃ বন্দনাৰে সভা শুভাৰম্ভণি কৰা হয়। সভাত ৰাজ্যিক সভাপতিগৰাকীয়ে মণ্ডলৰ কাৰ্যকৰ্তাসকলক বিজেপিৰ কৃষক মৰ্চাৰ পৰা কৃষকৰ প্ৰকৃত বন্ধু হিচাপে কাম কৰি যাৱলৈ আহ্বান জনায়। তদুপৰি ৰাজ্যিক উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্যই কয় যে ৰাসায়নিক সাৰ পৰিহাৰ কৰি কৃষক ৰাইজে জৈৱিক সাৰ ব্যৱহাৰ কৰি কৃষি ক্ষেত্ৰত অধিক মনোনিবেশ কৰিবলৈ যত্ন কৰা উচিত। সমাজৰ প্ৰধান আগশাৰীৰ ব্যক্তি জনেই হল কৃষক বন্ধুসকল। কৃষক মৰ্চা অসম প্ৰদেশে অনাগত দিনত কৃষক ৰাইজৰ হৈ সকলো ধৰণৰ সহায় সহযোগ কৰিবলৈ প্ৰস্তুত আছে ।সভাত উপস্থিত থাকে বিজেপিৰ কৃষক মৰ্চা অসমৰ ৰাজ্যিক সভাপতি দেৱজিত বৰা, ৰাজ্যিক উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য্য, ৰাজ্যিক সাধাৰণ সম্পাদক নিবাৰন লহকৰ, ৰাজ্যিক সাধাৰণ সম্পাদিকা ইন্দ্ৰানী তহবিলদাৰ, বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন দাস সমন্বিতে জিলা মণ্ডল আৰু স্থানীয় কাৰ্যকৰ্তা তথা ৰাজ্যিক কৃষক মৰ্চাৰ ভালেমান বিষয়ববীয়া।

You might also like