নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অতিৰিক্ত কৰ বিচৰাক লৈ ডবকাৰ টোলগেটত উত্তেজনা

নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ পুনৰ বিতর্কৰ মাজত সোমাই পৰিছে ডবকাৰ টোলগেট৷ যোৱানিশা পুুনৰ এই টোলগেটত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ টোলগেটৰ কর্মচাৰী আৰু এখন যাত্রীবাহী বাছৰ যাত্রীৰ মাজত হতাহতিৰ সৃষ্টি হয়৷ যাত্রী ৰূপে থকা মহিলাসকলোকো টনা–আঁজোৰা কৰি অপদস্থ কৰাৰ অভিযোগ উঠিছে টোলগেটৰ কর্মচাৰীৰ বিৰুদ্ধে৷ অভিযোগ অনুসৰি এখন যাত্রীবাহী বাছত লগোৱা ফাষ্টটেগ একাউণ্টত টকা নথকাৰ বাবে টোলগেট কর্তৃপক্ষৰ একাংশ কর্মীয়ে তিনিগুণ অতিৰিক্ত কৰ বিচাৰিছিল৷ কিন্তু বাছৰ চালক আৰু হেণ্ডিমেনে অতিৰিক্ত টোল কৰ দিবলৈ অমান্তি হয়৷ যাৰ বাবে টোলগেটৰ কর্মচাৰী আৰু যাত্রীবাহী বাছৰ চালক–হেণ্ডিমেনৰ মাজত তর্কাতর্কি আৰম্ভ হয়৷ ইফালে, সময় নষ্ট হোৱাত বাছত থকা একাংশ যাত্রী নামি আহি অতিৰিক্ত কৰ লোৱাৰ বিৰুদ্ধে প্রতিবাদ জনায়৷ ইয়াতে টোলগেটৰ কর্মচাৰীসকল ক্ষুব্ধ হৈ পৰে আৰু দুয়োপক্ষৰ মাজত টনা–আঁজোৰা আৰু হতাহতি আৰম্ভ হয়৷

আনকি টোলগেটত নিয়োজিত হৈ থকা নিৰাপত্তাৰক্ষীৰ হাতত থকা লাঠী কাঢ়ি লৈ যাত্রীসকলক মাৰধৰ কৰিবলৈ উদ্যত হোৱাৰো অভিযোগ উঠিছে টোলগেটৰ কর্মচাৰীৰ বিৰুদ্ধে৷ পাছত স্থানীয় একাংশ লোকৰ মধ্যস্থতাত পৰিস্থিতি নিয়ন্ত্রণ হয়৷ পূর্বেও ডবকাৰ এই টোলগেটত যাত্রীসকলক দুর্ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ স্থানীয় লোকৰ পৰাও নিয়মতকৈ অধিক টকা সংগ্রহৰ অভিযোগ দীর্ঘদিনীয়া৷ ডবকাত চিকিৎসা সেৱাৰ দৰে জৰুৰী সেৱা কৰা লোকৰ পৰাও টোল টেক্স সংগ্রহ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ ডবকা টোলগেটৰ বিৰুদ্ধে ডবকা চিকিৎসালয়ৰ ভাৰপ্রাপ্ত ছুপাৰিনটেণ্ডেণ্ট ইছাক আলীয়ে চিকিৎসালয়খনৰ জৰুৰী সেৱাৰ লগত জডিত কর্মচাৰীসকলৰ গাডীৰ নম্বৰসহ জিলা উপায়ুক্তক লিখিতভাৱে জনোৱাৰ পাছতো কোনো গুৰুত্ব লাভ নকৰাৰ তথ্য পোৱা গৈছে৷ হোজাই উকীল সন্থাৰ জ্যেষ্ঠ অধিবক্তা ছামছুদ্দিন চৌধুৰীয়ে অভিযোগ কৰি কয় যে টোলগেটৰ ওচৰৰ স্থানীয় লোকৰ পৰা ১৫০ টকাৰ বিপৰীতে ২৭০ টকাকৈ অতিৰিক্ত কৰ লৈ আছে৷

You might also like