নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাল নথী–পত্ৰ বনোৱাৰ সৈতে জড়িত থকাৰ সন্দেহত ধুবুৰীত ধৃত দুই

নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ   শুকুৰবাৰে নিশাৰ পৰা আজি পুৱতি নিশালৈকে ধুবুৰীৰ দুটাকৈ স্থানত চলোৱা আৰক্ষীৰ অভিযানত জাল নথী–পত্ৰ বনোৱাৰ সৈতে জড়িত থকাৰ সন্দেহত দুজনকৈ ব্যক্তিক কৰায়ত্ব হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে, গোপন এক তথ্যৰ ভিত্তিত শুকুুুৰবাৰে নিশা ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰ’জিৰাণী শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে ধুবুৰীৰ বিদ্যাপাৰা ভাটিগাঁওৰ পৰা সহেলুৰ ওৰফে সহিদুৰ ৰহমান নামৰ এজন ব্যাক্তিৰ গৃহৰ পৰা বহু জাল নথীপত্ৰ উদ্ধাৰ কৰে আৰক্ষীয়ে। তাৰপিছত সহিদুৰৰ জেৰা চলাই পোৱা তথ্যৰ ভিত্তিত শুকুুুৰবাৰে নিশাই আৰক্ষীয়ে চহৰৰখনৰ ১৪ নং ৱাৰ্ডৰ নাথপাৰা এলেকাৰ ডাক বিভাগৰ অৱসৰী কৰ্মচাৰী এগৰাকীৰ গৃহত চলায় আন এক অভিযান।

জনৈক গোলাম শ্বাহ জামাল নামৰ লোকজনৰ সেই বাসগৃহটোত আজি পুৱতি নিশালৈকে তালাচী চলাই বহু ধৰণৰ জাল নথীপত্ৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। তাৰোপৰি ব্যক্তিজনৰ গৃহৰ এটা কোঠালীৰ পৰা এটা অত্যাধুনিক ডাঙৰ প্ৰিন্টাৰ, এটা সৰু প্ৰিন্টাৰ, দুটাকৈ ডেস্কটপ কম্পিউটাৰক আৰু দুটাকৈ লেপটপ কম্পিউটাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। তাৰ ভিত্তিত  গোলাম শ্বাহ জামালৰ গৃহতেই জাল নথীপত্ৰ সমূহ প্ৰস্তুত কৰাৰ সন্দেহ কৰাৰ লগতে বুজন পৰিমাণৰ ধনৰ বিনিময়ত একাংশ চাকৰি প্ৰত্যাশীক মাৰ্কশ্বিটকে ধৰি বিভিন্ন জাল নথীপত্ৰ যোগান ধৰা হৈছিল বুলিও সন্দেহ কৰা হৈছে। বৰ্তমানে সহিদুৰ ৰ’হমান আৰু গোলাম শ্বাহ জামালক ধুবুৰী সদৰ থানাত জেৰা চলাই আছে আৰক্ষীয়ে।

অমিতাভ চক্ৰৱৰ্তী ধুবুৰী

You might also like