নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত ডাম্পাৰৰ দৌৰাত্ম্য : দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৩ বাইক আৰোহী

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰ : একাংশ ডাম্পাৰ চালকৰ অতপালিয়ে বৰ্তমান বৰহোলাৰ ৰাইজক আতংকিত কৰি তুলিছে। কিন্তু স্থানীয় বৰহোলা আৰক্ষীয়ে এই ডাম্পাৰ সমূহৰ অতপালি ৰোধ কৰাত তিলমানো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলিছে ৰাইজে। ইয়াৰ পৰিপ্ৰেক্ষিতত আজি সন্ধিয়া বৰহোলাত সংঘটিত হয় এক দুৰ্ঘটনা। বৰহোলাৰ পৰা ঘৰলৈ উভতা দুখন বাইকৰ তিনিগৰাকী আৰোহীৰ সৈতে নগাবাট দিশৰ পৰা তীব্ৰ বেগত আহি থকা এ এছ ০৩ বি চি ২০৬৯ নম্বৰৰ এখন গেভেল ভৰ্তি ডাম্পাৰৰ দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাত এখন বাইকত মাতৃৰ সৈতে বজাৰ কৰি ঘৰলৈ উভতা বিশাল সোণোৱাল আৰু অন্য এখন বাইকত আহি থকা খগেন শইকীয়া নামৰ এজন ব্যক্তি গুৰুতৰভাবে আঘাটপ্ৰাপ্ত হয়। আহত ব্যক্তি কেইজনক ততাতৈয়াকৈ বৰহোলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে সমাগত দুৰ্গোৎসৱক কেন্দ্ৰ কৰি বৰ্তমান বৰহোলা চহৰত ব্যাপক জনসমাগম সৃষ্টি হৈছে। কিন্তু ইয়াৰ মাজতে একাংশ ডাম্পাৰ চালকে কোনোধৰণৰ নীতি নিয়ম নামনি বৰহোলাৰ পথত তীব্ৰ বেগত শিলভৰ্তি ডাম্পাৰ সমূহ চলাই নিয়াৰ ফলত সঘনে আকস্মিক দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে সাধাৰণ পথচাৰীসকল আতংকিত হৈ পৰাৰ অভিযোগ উঠিছে। ডাম্পাৰসমূহৰ এনে অতপালি শীঘ্ৰে ৰোধ কৰিবলৈ বৰহোলা আৰক্ষীক স্থানীয় ৰাইজে দাবী জনাইছে।

অজয় শইকীয়া, নগাবাট

You might also like