নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যসভাতো মিত্ৰদল জয়ী হ’বঃ ভৱেশ কলিতা

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ ৰাজ্যসভাৰ খালী হ’ব লগীয়া আসনকলৈ শাসক-বিৰোধী দলসমূহ তৎপৰ হৈ পৰিছে । আসন্ন ৰাজ্যসভাৰ নিৰ্বাচনকলৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক অশুভ শক্তি আখ্যা দিয়ে । মাইনাছে মাইনাছে প্লাছ বুলি বিৰোধী দল দুটাক কটাক্ষ কৰি তেওঁলোকৰ অংক নিমিলে বুলি মত প্ৰকাশ কৰে । দুয়োটা দলক সাম্প্ৰদায়িক বুলি ক্ষুৰধাৰ সমালোচনা কৰি ভৱেশ কলিতাই বিজেপি নেতৃত্বাধীন মিত্ৰদলৰ প্ৰাৰ্থীয়ে জয়ী হ’ব বুলি কয় ।

You might also like