নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেএমচিএইচৰ অধীক্ষকৰ চহী জাল কৰি ভুৱা ক’ভিড ৰিপ’ৰ্ট

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ  যোৰহাটত সংঘটিত হৈছে ভয়ংকৰ ঘটনা৷ এইবাৰ ওলাইছে ভুৱা ক’ৰোনা ফলাফল৷ যোৰহাটৰ একাংশ পেথ’লজিকেল লেব’ৰেটৰীয়ে ভুৱা ৰিপ’র্টেৰে ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ তথ্য ফাদিল হোৱাৰ পিছত এইবাৰ পোহৰলৈ আহিছে আন এক চাঞ্চল্যকৰ তথ্য৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকৰ চহী জাল কৰি এইবাৰ যোৰহাটত একাংশই চলাইছে ভুৱা আৰ টি পি চি আৰ ৰিপ’টৰ বেহা৷

উল্লেখ্য যে কিছুদিন পূর্বে যোৰহাটত একাংশ পেথ’লজিকেল লেব’ৰেটৰীয়ে ভুৱা ৰিপ’র্টেৰে ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ তথ্য ফাদিল হোৱাৰ পিছত এই ঘটনাই এতিয়া জোকাৰি গৈছে যোৰহাটৰ স্বাস্থ্য বিভাগক৷ চিকিৎসা মহাবিদ্যালয়খনৰ কর্তৃপক্ষৰ অনুসন্ধানত ফাদিল হৈছিল এই ভয়াৱহ ৰমৰমীয়া ব্যৱসায়ৰ কথা৷ কিন্তু এই ক্ষেত্রত যোৰহাট জিলা প্রশাসনৰ কিছু শিথিল ভূমিকাৰ পিছত পুনৰ যোৰহাটত পোহৰলৈ আহিছে আন এক ভয়ংকৰ ঘটনা৷ যোৰহাট জিলাত চলি আছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আগশাৰীৰ ভি আৰ ডি এল লেব’ৰেটৰীৰ নামত প্রস্তুত কৰা ভুৱা আৰ টি পি চি আৰ ৰিপ’টৰ ৰমৰমীয়া বেহা৷

ইয়াৰ বাবে দুষ্ট চক্রই চিকিৎসা মহাবিদ্যালয়খনৰ লেব’ৰেটৰীৰ ভুৱা ৰিপ’ট বনোৱাৰ লগতে অধীক্ষকৰ চহী জাল কৰাৰ এক অভিযোগ উত্থাপন হৈছে৷ মহাবিদ্যালয়খনৰ কর্তৃপক্ষৰ অনুসন্ধানত পোহৰলৈ আহিছে এই চাঞ্চল্যকৰ তথ্য৷ দুটা আৰ টি পি চি আৰ ৰিপ’র্টেই ভুৱা বুলি ইতিমধ্যে জানিবলৈ দিছে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ পূর্ণিমা বৰুৱাই৷ উল্লেখ্য যে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা প্রদান কৰা আৰ টি পি চি আৰ ৰিপ’টত থাকে কিউ আৰ ক’ড৷ কিন্তু এই ভুৱা ৰিপ’টসমূহত কোনোধৰণৰ কিউ আৰ ক’ড নথকাত এই ৰিপ’ট যে ভুৱা, সেয়া নিশ্চিত হয় চিকিৎসা মহাবিদ্যালয়খনৰ কর্তৃপক্ষ৷ ধনৰ বিনিময়ত যোৰহাটত একাংশ অসাধু লোকে এনে ভুৱা ৰিপ’টৰ ব্যৱসায় চলাই আহিছে৷ যোৰহাটৰ বহু ঠাইত আৰ টি পি চি আৰ পৰীক্ষা কৰালে লেব’ৰেটৰীসমূহত তিনি হাজাৰ টকা পর্যন্ত মাচুল লোৱাৰ অভিযোগ উঠি আহিছে৷

ভুৱা ৰিপ’টৰ জৰিয়তে মানুহৰ মাজত ক’ভিডৰ সংক্রমণ বৃদ্ধি পোৱাৰ সম্ভাৱনাও প্রকট হৈ পৰিছে৷ ইতিমধ্যে সমগ্র বিষয়টোৰ অনুসন্ধান কৰি ব্যৱস্থা ল’বলৈ চিকিৎসা মহাবিদ্যালয়খনৰ কর্তৃপক্ষই থানাত এজাহাৰ দাখিল কৰিছে৷ আনহাতে, মহাবিদ্যালয়খনত এনে ধৰণৰ পৰীক্ষা কৰোৱাৰ ক্ষেত্রত কোনো তৃতীয় পক্ষ বা দালালৰ আশ্রয় নল’বলৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষকগৰাকীয়ে ৰাইজক আহ্বান জনাইছে৷ আনহাতে, যোৰহাটৰ ভুৱা লেব’ৰেটৰীৰ ৰিপ’ট আৰু ভুৱা আৰ টি পি চি আৰৰ ৰিপ’টৰ সঠিক তদন্ত কৰিলে বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ যে পূর্ণ সম্ভাৱনা আছে, সেয়া ধুৰূপ৷

You might also like