নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জকাইচুকত নহয়, গুৱাহাটীৰ পৰা ১৫ কিলোমিটাৰ দূৰৈৰ ‘চনকা’ত সূর্য উদয় হয় পুৱা ১০ বজাৰ পাছত

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ  যি সময়ত চৰকাৰে অসমত আদর্শ গাঁও নির্মাণৰ সংকল্প লৈছে, ঠিক সেই সময়তে পোহৰলৈ আহিছে এখন আদিম যুগৰ লেখীয়া গাঁৱৰ জীয়া ছবি৷ জকাইচুকত নহয়, গুৱাহাটী মহানগৰীৰ পৰা প্রায় ১৫ কিলোমিটাৰ নিলগত আছে এইখন গাঁও৷

যিখন গাঁৱৰ জীয়া ছবি পোহৰলৈ আহিছে ‘নিয়মীয়া বার্তা’ৰ গ্রাউণ্ড জিৰ’ ৰিপ’টত৷ স্বাধীনতাৰ পূর্বে স্থাপন হোৱা এইখন গাঁৱত আজিলৈকে নহ’ল কোনো উন্নয়নমূলক কাম৷ নহ’ল বাট–পথৰ উন্নয়ন৷ ফলত পৌৰাণিক পদ্ধতিতে এতিয়াও এইখন গাঁৱত চলে চিকিৎসা সেৱা৷ প্রায় ৯০০ পৰিয়ালক সামৰি থকা এইখন গাঁৱত চিকিৎসালয় নথকাৰ বাবে এতিয়াও একাংশই জৰা–ফুঁকাৰ চিকিৎসাত বিশ্বাস কৰে৷

দৰং, কামৰূপ আৰু মৰিগাঁৱৰ সীমান্তৱর্তী চনকা গাঁৱত নাই বিজুলীৰ ব্যৱস্থা৷ তদুপৰি পাহাৰৰ কাষত অৱস্থিত এইখন গাঁৱত ভালদৰে নপৰে সূর্যৰ পোহৰ৷ অর্থাৎ পুৱা ১০ বজাৰ পাছতহে এইখন গাঁৱত উদয় হয় সূর্য৷ তাতোতকৈ ডাঙৰ কথা এইখন গাঁৱৰ পৰা আজিলৈ উত্তীর্ণ হোৱা নাই এজনো স্নাতক৷ অর্থাৎ এই চনকা গাঁৱৰ পৰা বি এ পাছ কৰা যুৱক নাই গাঁওখনত৷ তদুপৰি এইখন গাঁৱৰ পৰা মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত উত্তীর্ণৰ সংখ্যাও আঙুলিৰ মূৰত লেখিব পৰা৷ ইয়াৰ মূলতে হ’ল শিক্ষা পদ্ধতি৷ এতিয়ালৈকে এই বৃহত্তৰ গাঁওখনত নাই এখনো উচ্চতৰ মাধ্যমিক বিদ্যালয়৷ আছে এখন প্রাথমিক বিদ্যালয় আৰু আছে এখন মাধ্যমিক বিদ্যালয়৷ যাৰ বাবে এইখন গাঁৱত উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈ আছে বহু ছাত্র–ছাত্রী৷

বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জয়জয়কাৰ অৱস্থাত চনকা গাঁৱৰ ৰাইজে আজিলৈ দেখা নাই বিদ্যুতৰ পোহৰ৷ ইণ্টাৰনেট, ফেচবুক এই অঞ্চলবাসীৰ বাবে সুদুৰপৰাহত৷ চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা গাঁওখনৰ প্রায় ৯০০ পৰিয়ালৰ ৰাইজ জডিত কৃষিকর্মৰ লগতহে৷ জাগীৰোড সমষ্টিৰ অন্তর্গত এই গাঁওখনত এতিয়াও বিধ্বস্ত হৈ আছে বাট–পথ, নাই খোৱাপানীৰ ব্যৱস্থা৷ নৈৰ পানীৰে তৃষ্ণা দূৰ কৰে গাঁওখনৰ ৰাইজে৷ যাৰ বাবে বিভিন্ন সময়ত বিভিন্ন ৰোগত আক্রান্ত হৈছে বহু লোক৷ এক অর্থাৎ বিধ্বস্ত ৰূপ আৰু পৌৰাণিক পদ্ধতিৰে চলিছে চনকা গাঁৱৰ ৰাইজ৷ সেইহে গাঁওখনৰ উন্নয়নৰ বাবে নতুন চৰকাৰ তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হস্তক্ষেপ দাবী কৰিছে স্থানীয় অঞ্চলবাসী ৰাইজে৷

You might also like