অৱশেষত ৰামপ্ৰসাদক ট্ৰেংকুলাইজড, গৰাকীক হত্যা কৰি চলাইছিল উপদ্ৰৱ
অৱশেষত বন বিভাগে ট্ৰেংকুলাইজড কৰিবলৈ সক্ষম হ’ল দেৰগাঁৱত নিজৰ গৰাকীক হত্যা কৰা ঘৰচীয়া হাতীটোক। ৰামপ্ৰসাদ নামৰ ঘৰচীয়া হাতীটোৱে গচকি নিহত কৰিছিল গৰাকী কেশৱ বৰাক আৰু আহত কৰিছিল দুজনক।
নিশা দেৰগাঁৱৰ বিভিন্ন স্থানত মুক্ত বিচৰণ কৰি আছিল হাতীটোৱে। দেৰগাঁৱৰ এখন ভাওনাস্থলীত সোমাই লণ্ড-ভণ্ড কৰিছিল ভাওনা গৃহ । আধাতে বন্ধ কৰি দিব লগা হৈছিল ভাওনা।
তাৰ পাছতেই দেৰগাঁওস্থিত একাদশ অসম আৰক্ষী বাহিনীৰ চৌহদৰ ভিতৰত মুক্ত বিচৰণ কৰি আশ্ৰয় লৈ আছিল এক নিৰিবিলি স্থানত। আজি পুৱাই সেই স্থানতে বন বিভাগৰ এটা দলে ট্ৰেংকুইলাইজড কৰিবলৈ সক্ষম হয় হাতীটোক।
হাতীটোৰ চিকিৎসাৰ ব্যৱস্থা কৰি হয়তো পুনৰ গতাই দিয়া হ’ব গৰাকীক।
নিয়মীয়া বাৰ্তা ডেস্ক, ১৮ ছেপ্টেম্বৰ