জি–৭ সন্মিলনত মোদী–মেক্রনৰ ‘পাৰফেক্ট’ ছেলফি
বিশ্ব ৰাজনীতিৰ হাইভল্টেজ মঞ্চ জি–৭ সন্মিলনত সমগ্র বিশ্বৰ দৃষ্টি আকর্ষণ কৰিছে ভাৰতৰ প্রধানমন্ত্রী আৰু ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্রনৰ এখন বিশেষ ছবিয়ে৷
ফ্রান্সৰ মনোৰম উপকূলীয় চহৰ নাইচত অনুষ্ঠিত হ’বলগীয়া সন্মিলনখনৰ মাজতে ফ্রান্সৰ ৰাষ্ট্রপতি ইমানুৱেল মেক্রনে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে তোলা এখন ছেলফি ছ’চিয়েল মিডিয়াত প’ষ্ট কৰাৰ পিছতে বিশ্বজুৰি মুহূর্তৰ ভিতৰতে খলকনিৰ সৃষ্টি কৰিছে৷
ভূমধ্য সাগৰৰ মনোৰম পটভূমিত তোলা এই ফটোখনৰ সৈতে ৰাষ্ট্রপতি মেক্রনে কেৱল ‘নাইচ’ বুলি এটা শব্দৰ কেপচন লিখে৷ ইয়াৰ জৰিয়তে তেওঁ এফালে যেনেকৈ এই বিশেষ মুহূর্তক ‘ধুনীয়া’ বুলি অভিহিত কৰিছে, আনফালে সন্মিলনৰ আয়োজক চহৰ ‘নাইচ’ নামটোকো অতি কৌশলেৰে তুলি ধৰিছে৷
এই ভাইৰেল ছবিখনে দুয়োগৰাকী বিশ্ব নেতাৰ মাজত থকা গভীৰ বন্ধুত্ব আৰু কূটনৈতিক সম্পর্ককো প্রতিপন্ন কৰিছে৷
উল্লেখ্য যে ভাৰত জি–৭ গোটৰ সদস্য নহয় যদিও সন্মিলনৰ বিশেষ আউটৰিছ অধিৱেশনলৈ প্রধানমন্ত্রী মোদীক আমন্ত্রণ জনোৱা হৈছে৷ ৰাষ্ট্রপতি ট্রাম্পসহ বিশ্বৰ শীর্ষ নেতাই ভাগ ল’বলগীয়া অনুষ্ঠানত নতুন দিল্লীক দিয়া নিমন্ত্রণে বিশ্বদৰবাৰত ভাৰতৰ ক্রমবর্ধমান প্রভাৱ আৰু গুৰুত্বকে প্রমাণ কৰিছে৷
ডিজিটেল ডেস্ক, ১৭ জুন