নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এক ফেব্রুৱাৰীত দাখিল কৰিব কেন্দ্রীয় বাজেট

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ ২০২১–২২ বিত্তীয় বর্ষৰ বাবে অহা ১ ফেব্রুৱাৰীত কেন্দ্রীয় বাজেট দাখিল কৰা হ’ব৷ অহা ২৯ জানুৱাৰীৰ পৰা ১৫ ফেব্রুৱাৰীলৈ অনুষ্ঠিত হ’বলগীয়া সংসদৰ বাজেট অধিৱেশনত মোদী চৰকাৰৰ দ্বিতীয়টো কার্যকালৰ প্রথমখন পূর্ণাংগ বাজেট দাখিল কৰিব৷

ৰাষ্ট্রীয় সংবাদ মাধ্যম পি টি আইত প্রকাশিত বাতৰি অনুসৰি সংসদীয় পৰিক্রমাৰ কেবিনেট কমিটীয়ে ২৯ জানুৱাৰীৰ পৰা বাজেট অধিৱেশন অনুষ্ঠিত কৰিবলৈ পৰামর্শ প্রদান কৰিছিল৷ একে সময়তে অধিৱেশনৰ দ্বিতীয় অংশ অহা ৮ মার্চৰ পৰা ৮ এপ্রিললৈ অনুষ্ঠিত কৰাৰ বাবে কমিটীখনে পৰামর্শ প্রদান কৰিছে৷

প্রাপ্ত তথ্য অনুসৰি অহা ২৯ জানুৱাৰীত ৰাজ্যসভা আৰু লোকসভাৰ যুটীয়া সদনত ভাষণ প্রদান কৰিব ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দে৷ অধিৱেশনৰ সময়ছোৱাত দুয়ো সদনৰ কাম–কাজ প্রতিদিনে চাৰি ঘণ্টাৰ বাবে অনুষ্ঠিত হ’ব৷ এইবাৰ সংসদৰ মজিয়াত কৃষি আইনৰ বিষয়টোৱে প্রাধান্য পোৱাৰ সম্ভাৱনা আছে৷

You might also like