নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠা দিৱস পালন

বিশেষ বাৰ্তা, ১৫ ছেপ্টেম্বৰ : মৰিয়নিৰ সংবাদকৰ্মীসকলৰ উমৈহতীয়া অনুষ্ঠান মৰিয়নি প্ৰেছ ক্লাৱৰ ২৬ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি উদযাপন কৰা হয়। সেই উপলক্ষ্যে কালি সন্ধিয়া লোকনাথ ভৱনৰ সভাকক্ষত এক চমু অনুষ্ঠান অনুষ্ঠিত হয়। মৰিয়নি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সভাপতি, শিক্ষাবিদ, নাট্যকাৰ ৰঞ্জিত গোহাঁইবৰুৱাই কেক্ কাটি অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সম্পাদক দিব্যজ্যোতি শইকীয়াই আঁ‌ত ধৰা আৰু সভাপতি জীৱন চন্দ্ৰ দত্তই সঞ্চালনা কৰা অনুষ্ঠানটোত মৰিয়নি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠাপক সম্পাদক, শিক্ষক জয়দ্বীপ বুঢ়াগোঁ‌হাই, প্ৰাক্তন সভাপতি- শিক্ষক মনোজ কুমাৰ শৰ্মা আদি উপস্থিত থাকি পৰামৰ্শ আগবঢ়োৱাৰ লগতে পুৰণি কথা ৰোমন্থন কৰে । অনুষ্ঠানটোত সংবাদকৰ্মী চক্ৰসেন গগৈ, প্ৰাঞ্জল পাওগাম, জ্যোতি প্ৰসাদ গগৈ, নিত্যানন্দ দাস, দীপক দত্ত আদিয়েও চমু বক্তব্য প্ৰদান কৰাৰ লগতে পৰামৰ্শ আগবঢ়ায় । আনহাতে, প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তী বৰ্ষ কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি আগন্তুক ডিচেম্বৰ মাহৰ ভিতৰত একাধিক কাৰ্য্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত লোৱা হয় । ইয়াৰ ভিতৰত সাংবাদিকৰ কৰ্মশালা, সংবাদকৰ্মীৰ চেমিনাৰ, ছাত্ৰ ছাত্ৰীৰ মাজত সংবাদ সম্পৰ্কীয় বিভিন্ন প্ৰতিযোগিতা, বিভিন্ন সজাগতামূলক কাৰ্য্যসূচী আদি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তাৰোপৰি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰাৰো পোষকতা কৰে। ইফালে, সামৰণি অনুষ্ঠানত ৰাজ্যৰ আগশাৰীৰ সাংবাদিক, বুদ্ধিজীৱী আৰু মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱাৰ সম্পৰ্কেও আলোচনা কৰা হয়। এই অনুষ্ঠানতে প্ৰাক্তন সম্পাদকদ্বয় জয়দ্বীপ বুঢ়াগোঁ‌হাই আৰু মনোজ কুমাৰ শৰ্মাক প্ৰেছ ক্লাৱৰ মুখপত্ৰ ‘খোজ’ ৰ সম্পাদনাৰ দায়িত্ব অৰ্পন কৰা হয় । মুখপত্ৰ সম্পাদনা সমিতিৰ সভাপতিৰ দায়িত্বত প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জিত গোহাঁইবৰুৱাক মনোনীত কৰা হয়। আনহাতে, কাৰ্য্যসূচীসমূহ আয়োজনৰ বাবে প্ৰাঞ্জল পাওগাম, দীপক দত্ত, চক্ৰসেন গগৈ, নিত্যানন্দ দাস আৰু জ্যোতি প্ৰসাদ গগৈক লৈ এখন পাঁ‌চজনীয়া আহ্বায়ক সমিতি গঠন কৰি তেওঁলোকক দায়িত্ব অৰ্পন কৰা হয়। কৈলাশ বিহানীক সমিতিখনৰ কোষাধ্যক্ষ হিচাপে ৰখা হয় । চলিত বৰ্ষৰ ভিতৰতেই এই কাৰ্য্যসূচীসমূহ অনুষ্ঠিত কৰাত গুৰুত্ব প্ৰদান কৰা হ’ব বুলি তেওঁলোক জানিবলৈ দিছে । অনুষ্ঠানটোত প্ৰাক্তন সংবাদকৰ্মী – শিক্ষক নগেন গগৈ, সীমান্ত প্ৰতীম বৰ্মন, চহন কানু, ৰমেশ আগৰৱালা, দীপক দত্ত ( জোন ), ৰঞ্জিত বৰা, সপোন ৰহমান শইকীয়া, চাজিদুৰ ৰহমান, গৌৰৱ চুতীয়া, ৰাজীৱ কৰ্মকাৰ, দীপাংকৰ বাৰুৱতী, জুন্টু তাঁ‌তী, কৃষ্ণপ্ৰসাদ শৰ্মা, বীৰেন তাঁ‌তী, ৰুণজুন মিত্ৰ, উত্তমজ্যোতি দাস, দেৱদত্ত ডেকা, যাদৱ দুৱৰা আদি ভালেসংখ্যক সংবাদকৰ্মী আৰু শুভাকাংক্ষী উপস্থিত থাকে ।

প্ৰেৰক দিব্য়জ্যোতি শইকীয়া

You might also like