নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী জিলাৰ ভিন্ন স্থানত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন

নিয়মীয়া বাৰ্তা, ২০জুনঃ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, নলবাৰী আৰু ১০৮ মৃত্যুঞ্জয় সেৱাৰ যৌথ উদ্যোগত ১৯ জুন তাৰিখে নলবাৰী জিলাৰ ভিন্ন স্থানত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয় । জিলাখনৰ বানাক্ৰান্ত ৰাইজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হয় । ভ্ৰাম্যমাণ ১০৮ বাহনখনে বিভিন্ন আশ্ৰয় শিবিৰত গৈ ৰাইজক স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে বানপানীৰ সময়ত ল’বলগীয়া সাৱধানতাৰ বিষয়ে ৰাইজক অৱগত কৰে ।

জিলা মিডিয়া বিষয়া পলাশ জ্যোতি বৰা,জৰুৰীকালীন ব্যৱস্থাপক আনোৱাৰ হুছেইনকে প্ৰমূখ্য কৰি স্বাস্থ্য কৰ্মীৰ দলটোৱে প্ৰদান কৰা সেৱাৰ বাবে ৰাইজে সন্তোষ প্ৰকাশ কৰে । “এই দুৰ্যোগৰ সময়ত স্বাস্থ্য বিভাগ ৰাইজৰ লগত আছে । স্বাস্থ্য সম্বন্ধীয় যিকোনো অসুবিধা হ’লে আমাক অৱগত কৰক । আমি ৰাইজক গুণগত সেৱা প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ ।” – জিলা মিডিয়া বিষয়া পলাশ জ্যোতি বৰাই এনেদৰে কয় ।

বৰভাগ অঞ্চলৰ স্থানীয় যুৱক জিতুমণি কলিতাই কয় যে বিপদৰ সময়ত প্ৰদান কৰা চৰকাৰী স্বাস্থ্য সেৱাই এই অঞ্চলৰ লোকসকলক যথেষ্ট উপকৃত কৰিছে । বানপানীৰ পৰিপেক্ষিতত যোগাযোগ ব্যাহত হোৱা স্বত্বেও ৰাইজক সেৱা কৰিবলৈ অহা বাবে এই অঞ্চলৰ সমূহ জনগণৰ হৈ স্বাস্থ্য বিভাগক ধন্যবাদ জ্ঞাপন কৰিছো । এই স্বাস্থ্য শিবিৰত অংশগ্ৰহণ কৰা সকলোকে বিশেষকৈ ১০৮ মৃত্যুঞ্জয় সেৱাৰ জিলা ভাৰপ্ৰাপ্ত বিষয়া অলকেশ তালুকদাৰক জিলা মিডিয়া বিষয়া গৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে ।

You might also like