নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগৰ কোচবিহাৰৰ পৰা ধুবুৰীলৈ অহা যাত্ৰীবাহী বাছ এখনৰ পৰা উদ্ধাৰ নিচাযুক্ত ঔষধ–কফচিৰাপ – ধৃত দুই

নিয়মীয়া  বাৰ্তা ২৭ নৱেম্বৰঃ   চুবুৰীয়া পশ্চিমবংগৰ পৰা আৰম্ভ হৈছে নেকি অসমলৈ নিচাযুক্ত ঔষধৰ ব্যৱসায়? যোৱাকালি নিশা ৰাজ্যৰ নামনি অসমৰ ধুবুৰী জিলাৰ গাতে লাগি থকা পশ্চিমবংগৰ পৰা ধুবুৰীলৈ অহা এখন ব্যক্তিখণ্ডৰ যাত্ৰীবাহী বাছ এখনৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত টেৱলেট আৰু কফচিৰাপ উদ্ধাৰ হোৱাৰ ঘটনাই উত্থাপিত কৰিছে এই প্ৰশ্নৰ। জানিব পৰা মতে, পশ্চিমবংগৰ কোচবিহাৰৰ পৰা অসমৰ অসম–বংগ সীমান্তৰ ছাগলীয়াহৈ ধুবৰীত উপস্থিত হোৱা এছ ১৭ বি/৩০৮৪ নম্বৰৰ বাছখনৰ পৰা আৰক্ষীৰ এক অভিযানত নিচাযুক্ত টেৱলেট আৰু কফচিৰাপৰ বটল উদ্ধাৰ হৈছে। ঘটনা সন্দৰ্ভত, বাছখনৰ এগৰাকী যাত্ৰীকে ধৰি পৰিচালকক (কন্ডাক্টৰ) কৰায়ত্ব কৰি আৰক্ষীয়ে বিষয়টো লৈ অনুসন্ধান আৰম্ভ কৰা বুলি প্ৰকাশ।

You might also like