নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৈঠালাংছʼৰ টুম্প্ৰপত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ

নিয়মীয়া বাৰ্ত, ২৭ নৱেম্বৰঃ এমাহ ধৰি অন্ধকাৰত টুম-প্ৰপ, টেংৰালাংছʼবাসী। কৰ্তৃপক্ষৰ নাই কাণ-সাৰ। কুম্ভকৰ্ণ নিদ্ৰাত বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰী । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডিজিটেল ইণ্ডিয়াৰ সপোন বাস্তবায়িত কৰাৰ বাবে ন ন আঁচনি ৰূপায়ণ কৰি চমকপ্ৰদ সৃষ্টি কৰাৰ সময়তে বিদ্যুৎ বিভাগৰ এচাম বিষয়া- কৰ্মচাৰীৰ দায়িত্ব হীনতাৰ বাবে আন্ধাৰত দিন অতিবাহিত কৰিছে বৈঠালাংছʼৰ টুমপ্ৰপ- টেংৰালাংছʼবাসীয়ে। বিভিন্ন চৰকাৰী কাৰ্যালয়, বিদ্যালয়ৰ লগতে দোকান- পোহাৰেৰে ব্যস্ত টুমপ্ৰেং অঞ্চলৰ ট্ৰেন্সফʼৰমাৰটো আজি দীৰ্ঘদিনে বিকল হৈ থকাত অঞ্চলবাসীয়ে আন্ধাৰত দিন অতিবাহিত কৰিছে। ৰাইজে বিভাগীয় কৰ্মচাৰীক কেইবাবাৰো আবেদন জনাই আহিছে যদিও প্ৰায় দায় সৰা মন্তব্যৰে গ্ৰাহকক আভূৱা ভাৰি আহিছে বিদ্যুৎ কতৃপক্ষই।

উল্লেখযোগ্য যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নয়নৰ সময়ত টিপ চাকিৰ পোহৰতেই জীৱন অতিবাহিত কৰিবলগীয়া হৈছে গাঁওবাসীয়ে। উল্লেখযোগ্য যে, টুম্প্ৰপ অঞ্চলৰ প্ৰায় ৬০ টকা পৰিয়ালে এটা ট্ৰেঞ্চফৰমাৰৰ জৰিয়তে বিদ্যুৎ সেৱাৰ লাভ কৰি আহিছিল । কিন্তু এই ট্ৰেঞ্চফৰমাৰটো বিকল হোৱাৰ ফলত গ্ৰাহকে দীৰ্ঘদিন ধৰি বিদ্যুৎ সেৱাৰ পৰা বঞ্চিত হৈ আছে । ইপিনে গ্ৰাহকে বিদ্যুৎ মাছুল পৰিশোধ কৰাৰ পিছতো বিদ্যুৎ যোগান নধৰাৰ বাবে ৰাইজে আজি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ।

You might also like