নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বচ্ছ ভাৰত শ্ল’গানেৰে দিল্লী পাব্লিক স্কুল যোৰহাটৰ গান্ধী জয়ন্তী উদযাপন

নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ আজি গান্ধী জয়ন্তী। জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জয়ন্তীৰ দিনটোত যোৰহাটস্থিত দিল্লী পাব্লিক স্কুল যোৰহাটে আজি কেইবাটাও উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰে। গান্ধী জয়ন্তী অনুষ্ঠানৰ প্ৰথমে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষয়ত্ৰী মনালিছা বৰঠাকুৰ সিঙে। প্ৰধান শিক্ষয়ত্ৰী বৰঠাকুৰে উপস্থিত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱনগাথা আৰু স্বাধীনতা আন্দোলনত তেওঁৰ ভূমিকা সম্পৰ্কে আলোকপাত কৰে।

ইয়াৰ পাছতে বৰুৱা চাৰিয়ালিত বিশিষ্ট নাট্যকাৰ ৰূপজ্যোতি মহন্তৰ পৰিচালনাত ‘স্বচ্ছতা’ক মূল বিষয় ৰূপে লৈ বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে এখন বাটৰ নাট প্ৰদৰ্শন কৰে। এই অনুষ্ঠানৰ পাছতে উপস্থিত থকা ৰাইজৰ মাজত মাস্ক বিতৰণ কৰা হয়।

লগতে স্বচ্ছ ভাৰত অভিযানৰ লগত সংগতি ৰাখি যোৰহাটৰ পুৰণি বাছ আস্থানৰ সমীপত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়ত্ৰীসকলে হাতত ঝাড়ু লৈ চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ইপিনে হস্ত নিৰ্মিত কেইবাটাও ডাষ্টবিন জিলাখনৰ বিভিন্ন ঠাইত সংস্থাপন কৰা হয়।

এই অনুষ্ঠানটোত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি, অভিভাৱক উপস্থিত থাকে।

উল্লেখ্য যে আজিৰ এই সমগ্ৰ অনুষ্ঠানসমূহ ক’ভিড প্ৰট’কলৰ নীতি-নিৰ্দেশনা পালন কৰি অনুষ্ঠিত কৰা হয়।

You might also like