নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাফ পেণ্ট নহয়! লুঙি পৰিধান কৰি পৰীক্ষাত বহা তিনি শিক্ষার্থীক বহিষ্কাৰ

নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ  বাংলাদেশৰ ডিনাজপুৰৰ এখন অভিযান্ত্রিক মহাবিদ্যালয়ত লুঙি পৰিধান কৰি পৰীক্ষাত বহিবলৈ অহা তিনি শিক্ষার্থীক নিলম্বন কৰা ঘটনাক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷ শিক্ষার্থীসকলে অনলাইন পৰীক্ষাত কিয় লুঙি পৰিধান কৰি বহিবলৈ দিয়া নহ’ব বুলি প্রশ্ণৰ অৱতাৰণা কৰে যদিও মহাবিদ্যালয় কর্তৃপক্ষই শিক্ষার্থীসকলে পৰীক্ষাৰ নিয়ম মানি নোলোৱাৰ বাবে কঠোৰ ব্যৱস্থা গ্রহণ কৰা বুলি ঘোষণা কৰিছে৷

লুঙি পৰিধানৰ বাবে তিনিওগৰাকী শিক্ষার্থীক পৰীক্ষাত বহিবলৈ অনুমতি নিদিয়াৰ কথা অস্বীকাৰ কৰিছে মহাবিদ্যালয় কর্তৃপক্ষই৷ পৰীক্ষাৰ নিয়ম উলংঘা কৰাৰ বাবেই তিনিওগৰাকী শিক্ষার্থীক বহিষ্কাৰ কৰা বুলিও মহাবিদ্যালয় কর্তৃপক্ষই সংবাদ মাধ্যমক জনাইছে৷

You might also like