নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত ‘দয়াৰ ঠাকুৰ’ উন্মোচন মুখ্যমন্ত্রী ড০ শর্মাৰ

নিয়মীয়া বাৰ্তা: ২০ নৱেম্বৰঃ এক বিস্তৃত কার্যসূচীৰে সত্রীয়া সংস্কৃতিৰ পীঠস্থান মাজুলী ভ্রমণ কৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিভিন্ন চৰকাৰী প্রকল্প চৰজমিনভাৱে পৰিদর্শন কৰাৰ লগতে মাজুলীৰ কেইবাখনো সত্রৰ ৰাস উৎসৱত উপস্থিত থাকে৷ শ্রীশ্রী উত্তৰ কমলাবাৰী সত্রৰ ৰাস মহোৎসৱ উপলক্ষে অনুষ্ঠিত মুকলি সভাত অংশ লৈ ৰাইজক উদ্দেশ্যি ভাষণ প্রদান কৰাৰ লগতে মহাপুৰুষ মাধৱদেৱ বিৰচিত এটি বৰগীতৰ দৃশ্য–শ্রব্য উন্মোচন কৰে৷

উত্তৰ কমলাবাৰী সত্রৰ সত্রাধিকাৰ শ্রীশ্রী জনার্দন দেৱগোস্বামীৰ সৈতে ড০ শর্মাই উন্মোচন কৰা এই ‘দয়াৰ ঠাকুৰ’ শীর্ষক বৰগীতটিত কণ্ঠদান কৰিছে জনপ্রিয় অভিনেত্রী গায়ত্রী মহন্তই৷ বৰগীতটিৰ দৃশ্যাংশত নৃত্য তথা অভিনয় কৰিছে গায়ত্রী মহন্ত, সত্রীয়া নৃত্য বিশাৰদ ৰামকৃষ্ণ তালুকদাৰ আৰু সংগীবৃন্দই৷

উল্লেখ্য যে সংগীত নাটক একাডেমী ৰত্নবঁটা আৰু পদ্মশ্রী প্রাপক নব্বৈ ঊর্ধ্ব নৃত্যাচার্য যতীন গোস্বামীয়েও নৃত্যাংশত বিশেষ এভূমুকি মাৰিছে৷ প্রকল্পটোৰ সংগীত বিদ্যাসাগৰৰ আৰু ক’ৰিঅ’গ্রাফ পংকজ ইংতিৰ৷ নৃত্য উপদেষ্টা ৰামকৃষ্ণ তালুকদাৰ আৰু গুণাকৰ দেৱগোস্বামীৰ৷ কেমেৰাত প্রদীপ দৈমাৰী, কলা নির্দেশক জ্যোতি শংকৰ ভট্টাচার্য, ৰূপসজ্জাত অভিজিৎ ভূঞা, শব্দযন্ত্রী জিণ্টু বৰদলৈ আৰু সম্পাদনা অসীম শর্মাৰ৷

এগৰাকী অভিনেত্রীৰূপে ইতিমধ্যে ৰাইজৰ আদৰ লভা গায়ত্রী মহন্তৰ সংগীত জগতত কণ্ঠশিল্পীৰূপে এয়া প্রথম পদক্ষেপ৷ শৈশৱৰে পৰা লোকনৃত্য–গীত তথা সত্রীয়া সংস্কৃতিৰ সৈতে জডিত গায়ত্রী মহন্তই ‘ব্রহ্মা ক্রিয়েচন’ নামেৰে নিজে প্রযোজনা কৰা ‘দয়াৰ ঠাকুৰ’ বৰগীতটি বর্তমান ধ্বনি ৰেকর্ডছৰ ইউটিউব চেনেলত উপলব্ধ হ’ব৷

You might also like