নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুৱাৰীৰ পৰা ধন লৈ নিলম্বিত সুখচৰ থানাৰ অ’চি

নিয়মীয়া বাৰ্তা: ২০ নৱেম্বৰঃ জুৱাৰীৰ পৰা ধন কাঢ়ি লোৱা দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া বিনোদ কুমাৰ দাসক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে৷ আৰক্ষী বিষয়া বিনোদ কুমাৰ দাসে জুৱাৰীৰ পৰা ধন সংগ্রহ কৰাৰ দুটা ভিডিঅ’ ভাইৰেল হৈছিল৷

প্রথমটো ভিডিঅ’ত বিনোদ কুমাৰ দাসে প্রথমে এজন জুৱাৰীৰ পকেটত ভৰাই পাঁচশ টকীয়া এটা নোটৰ বাণ্ডিল উলিয়াই লৈছিল৷ দ্বিতীয় ভিডিঅ’টোত আৰক্ষী বিষয়াজনে জুৱাৰীৰ পৰা টকা গণি গণি লৈছে আৰু চুক্তি হোৱা টকাতকৈ কম টকা দিয়াৰ বাবে অশ্লীল ভাষাৰে গালিগালাজ পাৰি জুৱাৰীজনলৈ চোঁচা লয় আৰু মাৰিবলৈ উদ্যত আৰক্ষী বিষয়াজনে৷

এনে দুটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰাল হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ এনে ভিডিঅ’ দেখাৰ পিছত অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰি আৰক্ষী বিষয়া বিনোদ কুমাৰ দাসক তৎকালে নিলম্বন কৰি ৰিজার্ভ ক্লোজ কৰিছে আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে৷

এই সন্দর্ভত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে কয় যে জিলাখনত যাতে দীপাৱলীৰ গইনা লৈ কোনো ধৰণৰ জুৱাৰ আড্ডা বহাব নোৱাৰে তাৰ বাবে কঠোৰ নির্দেশনা জাৰি কৰিছিল৷ জিলাখনৰ প্রতিখন থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াসকলে সঠিকভাৱে পালন কৰিছিল৷ কিন্তু সুখচৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া বিনোদ কুমাৰ দাসে দায়িত্ব পালনৰ বিপৰীতে জুৱাৰীৰ পৰা ধন লয়৷ যাৰ বাবে কালি আৰক্ষী বিষয়াজনক তৎকালে নিলম্বন কৰাৰ লগতে ৰিজার্ভ ক্লোজ কৰা হয়৷

You might also like