নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গহপুৰত ৫খন নৈয়ে  দহ স্থানত ছিঙিলে মথাউৰি

নিয়মীয়া বাৰ্তা, ৯ জুনঃ পাহাৰীয়া খৰস্রোতা নৈৰ তাণ্ডৱে গহপুুুৰবাসীৰ জনজীৱন বিঘ্নিত কৰি তুলিছে৷ বিশেষকৈ যোৱানিশাৰ মুষলধাৰ বৰষুণৰ ফলত মহকুমাটোৰ মাজেৰে বৈ যোৱা ব্রহ্মাজান নৈৰ জলধাৰা ক্রমাৎ বৃদ্ধি হোৱাত নৈখনৰ বাঢ়নী পানীয়ে নিশা দুঠাইত মথাউৰি ছিঙি নিয়ে৷ ফলত দহখনতকৈও অধিক গাঁৱৰ ৰাইজৰ মাজত   আতংক সৃষ্টি হয়৷

ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তর্গত ৰাঙলীয়াল গাঁও পঞ্চায়তৰ এলেকাধীন বঢ়মপুৰৰ পূব দিশে ব্রহ্মাজান নৈয়ে মথাউৰি ছিঙি নিয়াৰ ফলত বঢ়মপুৰ, মহেন্দ্রপুৰ, বেকীজান, হাতীবন্ধীয়া, কঠাইচুক, বৰজহাবাৰীকে ধৰি বহুকেইখন গাঁও জলমগ্ন হৈ পৰে৷ ইয়াৰ উপৰি এলেকাটোৰ দডিয়াঘাটৰ দুঠাইত মথাউৰি ছিঙি নিয়াৰ ফলত হেলেম ৰাজহ চক্রৰ অন্তর্গত ব্রহ্মাজান এলেকাৰ জনজীৱন বিঘ্নিত কৰি তুলিছে৷

নিশাৰ ভাগতে কেইবাঠাইতো ব্রহ্মাজান নৈয়ে মথাউৰি ছিঙাৰ উপক্রম ঘটাত দাঁতিকাষৰীয়া লোকে নিশাই কোনোমতে গছৰ ডাল–পাত দি ৰক্ষা কৰে যদিও অন্য ঠাইত ছিঙি নিয়ে৷ যাৰ বাবে বর্তমান বহিঃজগতৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ আছে অঞ্চলবাসীৰ৷ ইফালে, ব্রহ্মাজান চাহ বাগিচাৰ মাজেৰে বৈ অহা কেঁকুৰিজান নৈয়ে জালুকবাৰী অঞ্চলৰ পূব দিশৰ চাৰি ঠাইত মথাউৰি ছিঙি নিয়াৰ ফলত বালিজান, কটকীচুক, বালিগাঁও, বডিগাঁৱকে ধৰি কেইবাখনো গাঁও জলমগ্ণ হৈ পৰে৷ বিশেষকৈ ১৫নং ৰাষ্ট্রীয় ঘাইপথ চাৰিলেনযুক্ত পথলৈ উন্নীত কৰাৰ নির্মাণ কার্যৰ বাবেই বাঢ়নী পানী যাব নোৱাৰা হয়৷ ফলত অর্ধশতাধিক লোকৰ বাসগৃহৰ লগতে বালিজান ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় পানীত বুৰ যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে৷

আনহাতে বালিজান, শিঙৰীজান আৰু মাগনি এই তিনিখন নৈয়ে কৃষ্ণপুৰ গাঁও পঞ্চায়তৰ অন্তর্গত এটা ই এন ডি বান্ধ যোৱানিশা ছিঙি নিয়াৰ ফলত কটকীচুকৰ মৌজাদাৰ পথাৰ, ভোলাগুৰিৰ লম্বালাইন, বালিজানৰ হৰিজনবস্তি, মাগনি কছাৰী, ভোলাগুৰি চাহ বাগিচাৰ চেণ্টাৰ সংযোগী পথৰ কাষৰ উত্তৰ পাৰৰ ভালেকেইটা পৰিয়ালৰ বাসগৃহত বানে বিস্তৰ ক্ষতি কৰে৷ যোৱা দুদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত গহপুুুৰ নগৰৰ মাজেৰে বৈ যোৱা ছত্রঙৰ নৱনির্মিত মথাউৰিয়েদি বাঢ়নী পানী বৈ নগৰৰ অন্তর্গত ধেনুধৰা, মধ্য ছত্রং, ডেলহাউচিকে ধৰি কেইবাটাও দাঁতিকাষৰীয়া এলেকা বুৰাই পেলায়৷

যোৱা বর্ষত বাঢ়নী পানীয়ে গহপুুুৰ নগৰৰ ৬নং ৱার্ডৰ মধ্য ছত্রং এলেকাৰ এটা বৃহৎ অংশ ছিঙি নিছিল যদিও আজিও ভগ্ণ মথাউৰিৰ নির্মাণ সম্পূর্ণ হৈ নুঠিল৷ মথাউৰিৰ নামত বাঁহৰ গোজ পুতিয়েই দায় সামৰা বিভাগৰ বাবেই অৰুণাচল প্রদেশত দিয়া এজাক মুষলধাৰ বৰষুণতে ভগ্ণ মথাউৰিৰে বাঢ়নী পানী বৈ নগৰৰ ১নং ৱার্ড, ৪নং ৱার্ড, ৫নং আৰু ৬নং ৱার্ডৰ শতাধিক পৰিয়ালৰ জীৱন–জীৱিকালৈ ভাবুকি কঢ়িয়াই আনিছে৷ উল্লেখ্য যে মথাউৰিটোকে একমাত্র যাতায়াতৰ সম্বল বুলি ভবা কুৰিটাৰো অধিক পৰিয়ালৰ অৱস্থাও এতিয়া তথৈবচ হৈ পৰিছে৷

ইফালে পূব ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তর্গত ডুবিয়া, কলাবাৰী, হাৱাজানৰ বিস্তীর্ণ এলেকা চেঁচা নৈৰ বাঢ়নী পানীয়ে বুৰাই যাতায়াতৰ লগতে জনজীৱন বিঘ্ণিত কৰি তুলিছে৷ কলাবাৰী গাঁও পঞ্চায়ত এলেকাৰ কেইবাঠাইতো বালিৰ মথাউৰি ছিঙাৰ ফলত বানত বুৰ গৈছে বশিষ্ঠপুৰ গাঁৱৰ ঘৰ–দুৱাৰ, বাট–পথ বিদ্যালয় গৃহ৷ মুষলধাৰ বৰষুণৰ বাবেই উত্তৰ কলাবাৰী, পূব ডুবিয়া গাঁও পঞ্চায়তৰ বহুকেইখন গাঁও চেঁচা নদীৰ বাঢ়নী পানীৰ সৈতে এনেদৰেই সংগ্রাম কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে৷ ঠিক সেইদৰে ডুবিয়া নৈৰ মথাউৰিৰ ওপৰেৰে বাঢ়নী পানী বৈ আহি ডুবিয়া, যোৰহটীয়াৰ বিস্তৃত এলেকাৰ ঘৰ–বাৰী বুৰাই পেলাইছে৷  ইয়াৰ পিছতো দুর্দশাগ্রস্ত ৰাইজৰ খবৰ ল’বলৈ আহৰি পোৱা নাই মহকুমা প্রশাসনে৷ 

You might also like