নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলকগঞ্জৰ বিন্নাচৰাত গংগাধৰ নৈৰ কালৰূপ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰঃ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া বেৰ গংগাধৰ নৈৰ খননীয়াত জাহ যোৱাৰ উপক্রম হৈছে৷ ধুবুৰী জিলাৰ ভাৰত–বাংলাদেশ সীমান্তৰ বিন্নাছৰা গাঁৱৰ আধা অংশই গংগাধৰ নৈত জাহ গৈছে৷

বিগত দুটা বছৰ ধৰি কালৰূপ ধাৰণ কৰা গংগাধৰ নৈৰ খহনীয়াই বিন্নাছৰা গাঁৱৰ আধা অংশই খহাই নিয়াত প্রায় এশটা পৰিয়ালে ঘৰ–দুৱাৰ এৰিব লগীয়া হয়৷ এই খহনীয়া ৰোধৰ বাবে বিগত সময়ত প্রায় এক কোটি টকা আবণ্টন দিছিল যদিও কেইটামান বাঁহৰ পার্কিউপাইন স্থাপনেৰে কাম সামৰে বিভাগীয় ঠিকাদাৰে৷

ৰাইজে অভিযোগ কৰিছে যে বিভাগীয় কর্তৃপক্ষই উচিত সময়ত কোনোধৰণৰ পদক্ষেপ গ্রহণ নকৰাত গংগাধৰ নৈৰ খহনীয়াই সীমান্ত অতিক্রম কৰি যাব৷ নৈখনৰ খহনীয়াই যিকোনো মুহূর্ততেই এতিয়া সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ জাহ নিয়াব বুলি সীমান্তবাসী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে আশংকা প্রকাশ কৰিছে৷ সীমান্ত ৰক্ষাৰ বাবে বি. এছ. এফে দিনে–নিশাই বাঁহৰ পার্কিউপাইন দি কাম কৰি আছে যদিও সেয়া কিমানদূৰ প্রতিৰোধ কৰিব পাৰিব সেয়াই হ’ব লক্ষণীয়৷

You might also like