নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছ’চিয়েল মিডিয়াত অভব্য আচৰণৰ বলি হোৱা ছামিৰ কাষত পাকিস্তানৰ খেলুৱৈ

নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰঃ চিৰবৈৰী পাকিস্তানৰ হাতত টীম ইণ্ডিয়াৰ লজ্জাজনক পৰাজয়ৰ পিছত ছ’চিয়েল মিডিয়াত তীব্র আক্রমণৰ সন্মুখীন হোৱা তাৰকা বেগী বলাৰ মহম্মদ ছামিৰ কাষত থিয় দিছে পাকিস্তানৰ অ’পেনাৰ মহম্মদ ৰিজৱান৷ দেওবাৰে নিশা ভাৰতীয় বেগী বলিং আক্রমণক বিধ্বস্ত কৰি দুর্দান্ত অর্ধশতকীয় ইনিংছ খেলা বেটছমেনগৰাকীয়ে ছামিৰ প্রতি সমর্থন আগবঢ়াই টুইটাৰত কৈছে যে দেশৰ হৈ খেলাৰ সময়ত খেলুৱৈ এগৰাকীয়ে কি ধৰণৰ সংগ্রাম, ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিবলগীয়া হয়, সেয়া অনুৰাগীয়ে উপলব্ধি কৰা উচিত৷ নিজৰ দেশৰ তাৰকাসকলক সমর্থন আগবঢ়াবলৈ ভাৰতীয় অনুৰাগীক আহ্বান জনাই পাকিস্তানৰ অ’পেনাৰগৰাকীয়ে পুনৰ কয় যে মহম্মদ ছামি এগৰাকী দুর্দান্ত বেগী বলাৰ আৰু তেওঁ বিশ্বৰ অন্যতম শ্রেষ্ঠ খেলুৱৈ৷

উল্লেখ্য যে পাকিস্তানৰ হাতত ভাৰত বিধ্বস্ত হোৱাৰ পিছৰে পৰা অনুৰাগীয়ে ছ’চিয়েল মিডিয়াত মহম্মদ ছামিক আক্রমণৰ লক্ষ্য কৰি লয় আৰু মুছলমান বাবে তেওঁ পাকিস্তানক সহায় কৰাৰ অভিযোগ তোলে৷ মেচখনত প্রত্যাশিত প্রদর্শন দাঙি ধৰিব নোৱৰাৰ বাবে টীম ইণ্ডিয়াৰ তাৰকা বেগী বলাৰগৰাকীক একাংশই দেশদ্রোহীও আখ্যা দিয়ে৷

অৱশ্যে একাংশ ক্রিকেট অনুৰাগীৰ অভব্য আচৰণৰ বলি হোৱা ছামিক শচীন তেণ্ডুলকাৰ, বীৰেন্দ্র সেৱাগ, ইৰফান পাঠান, ইউছুফ পাঠান, য়ুজবেন্দ্র ছাহাল আদিয়ে মুকলিকৈ সমর্থন জনাইছে৷ তেওঁলোক ছামিক এগৰাকী চেম্পিয়ন খেলুৱৈ আখ্যা দিছে৷

You might also like