নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুগল মীটত অসম সাহিত্য সভা মুম্বাই শাখাৰ “কবিতাৰ এক সন্ধ্যা”

স্বৰচিত কবিতা আৰু অনুদিত কবিতাই মুহিলে প্ৰবাসী অসমীয়া কাব্যানুৰাগীক

নিয়মীয়া বাৰ্তা,১৯ অক্টোবৰঃ  অসমীয়া ভাষা সাহিত্য চৰ্চা আৰু প্ৰসাৰৰ উদ্দেশ্যে অসম সাহিত্য সভা, মুম্বাই শাখাই সূদুৰ মায়ানগৰীত সময়ে সময়ে বিভিন্ন অনুষ্ঠান আয়োজন কৰি আহিছে । কালি শাৰদীয় সন্ধিয়াত এমুঠি প্ৰবাসী অসমীয়া সাহিত্যানুৰাগী তথা কাব্যানুৰাগীৰ সহযোগত সম্পন্ন হয় “কবিতাৰ এক সন্ধ্যা” শীৰ্ষক কাব্যনুষ্ঠান । সাম্প্ৰতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি গুগল মীটৰ জৰিয়তে অনুষ্ঠিত এই অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে প্ৰতিষ্ঠিত কবি তথা সু-চিকিৎসক নগাঁওৰ ডাঃ প্ৰয়াগ শইকীয়া আৰু সদৌ অসম কবি সন্মিলনৰ সাধাৰণ সম্পাদক, বিশিষ্ট কবি লগতে গ্ৰন্থ প্ৰকাশক যোৰহাটৰ উজ্জ্বল পাওগাম উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে । দুইগৰাকী কবিয়ে স্বৰচিত কবিতাসহ অনুদিত কবিতা পাঠেৰে দেশ-বিদেশৰ প্ৰবাসী অসমীয়া কাব্যনুৰাগী শ্ৰোতা-দৰ্শকক মুহিত কৰে । এই অনুষ্ঠানতে অতিথিদ্বয়ে নিজা নিজা জীৱন পৰিক্ৰমাৰ ওপৰত আলোকপাত কৰা লগতে কবিতাৰ সৈতে প্ৰকৃতি আৰু মানুহৰ মিলন তথা কবি আৰু কবিতাৰ সামাজিক দায়বদ্ধতাৰ কথাও দোহাৰে । অনুষ্ঠানৰ সৈতে সংগতি ৰাখি শ্ৰোতাৰ সৈতে এক অন্তৰংগ আলাপ-আলোচনাৰ মাজেৰে শাৰদীয় সন্ধিয়াটি কবিতাৰে মুখৰ হৈ উঠে । এই অনুষ্ঠানৰ আহ্বায়িকা হিৰণ ভূঞাই কবি ৰাম গগৈৰ কবিতা পাঠেৰে বিশিষ্ট কবি দুগৰাকীসহ উপস্থিত শ্ৰোতা আৰু দৰ্শকক আদৰণি জনাই কাব্যানুষ্ঠানটি শুভাৰম্ভ কৰে। সভাপতি আসনৰ পৰা সুৰাইয়া জাহানে বিশিষ্ট অতিথি কবিদ্বয়ক শুভেচ্ছামূলক বাৰ্তাৰে সম্ভাষণ জনাই । আনহাতে একক আৰু নিজস্ব প্ৰতিভাৰে ভাৰ্চুৱেল মঞ্চখনত এই অনুষ্ঠানটি সুচাৰুভাৱে পৰিচালনা কৰে ৰেখা ফুকনে । অনুষ্ঠানটিৰ শেষত শলাগ জ্ঞাপনেৰে মুম্বাই শাখা সাহিত্য সভাৰ সাধাৰণ সম্পাদক দীপাংকৰ বৰগোহাঁয়ে মাটিৰ গোন্ধ থকা কবিতাই প্ৰতিগৰাকীৰ কাব্যপ্ৰেমীৰ হৃদয় উদ্বেলিত কৰা লগতে কবিতাৰ মাজেৰে শেৱালিৰ সুবাস ছটিয়াই শাৰদীয় সন্ধিয়াটি অধিক সুশোভিত কৰা বুলি কাব্যিক মন্তব্য আগবঢ়াই ।

You might also like