নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ চিকিৎসকৰ পৰা নৃত্য শিকিবলৈ আহিব হৃত্বিক ৰোশন

নিয়মীয়া বাৰ্তা ১৯ অক্টোবৰঃ  বলীউডৰ ছুপাৰষ্টাৰ, হৃত্বিক ৰোশনে শিলচৰৰ এটা কোভিড কেন্দ্ৰত ৰোগীসকলক মনোৰঞ্জন দিয়াৰ বাবে তেওঁৰ চিনেমা ‘ৱাৰ’ৰ গান “থুংহৰু”ৰ গীতত নৃত্য কৰি থকা এজন চিকিৎসকৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে। হৃতিকে ভিডিঅ’টো ছেয়াৰ কৰি লিখিছে, ” ড০ অৰূপক কওক কেতিয়াবা অসমত গৈ ড০ অৰূপৰ পৰা নাচ শিকিম । “

বহুদিন আগতে শিলচৰ মেডিকেল কলেজ আৰু হাস্পাতলৰ ইএনটি বিভাগৰ ড০ অৰূপ সেনাপতিৰ এই ভিডিঅ’টো প্ৰচাৰ হৈছিল ছ’চিয়েল মিডিয়াত। কোভিডৰ দায়িত্ব পালন কৰি থকা চিকিৎসক জনে অৱসৰকালীন অৱস্থাত সাৱলীলভাৱে নৃত্য কৰি মনোৰঞ্জনৰ খোৰাক যোগাইছিল ৰোগীসকলক। কোভিড কেয়াৰ চেণ্টাৰত পিপিই কিট পিন্ধি কৰা নৃত্যটোৱে অৱশেষত অভিনেতা হৃত্বিক ৰোশনেৰো দৃষ্টিগোচৰ হয়। হৃত্বিক ৰোশনে তেওঁক লগতে অনমনীয় দৃঢ়তাৰ প্ৰতীক বুলিও প্ৰশংসা কৰে টুইটযোগে।

You might also like