নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজোত প্রসাদ খাই অর্ধশতাধিক অসুস্থ

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ কামৰূপ জিলাৰ হাজো ৰাজহ চক্রৰ অন্তর্গত তেতেলীয়া বাউসীত প্রসাদত বিষক্রিয়াত শিশুসহ অর্ধশতাধিক লোক আক্রান্ত হয়৷ নৱজাতকৰ জন্ম গণনাৰ মাংগলিক অনুষ্ঠানৰ বুটমাহ খাই বিষক্রিয়াত আক্রান্ত হয় ডেৰ বছৰীয়া শিশুসহ অর্ধশতাধিক লোক৷

বুটমাহৰ বিষক্রিয়াত আক্রান্ত একাংশ হয় ক্রমে লংকেশ্বৰ কলিতা (৪৫), উখুৰা গাঁও পঞ্চায়তৰ সভানেত্রী ৰুমী কলিতা (৩২), বন্দিতা ডেকা (১৬), বনশ্রী ডেকা (২০), নিৰুপমা কলিতা (৪৭), শিখামণি কলিতা (২১), যামিনী কলিতা (৫০), সুচিলা কলিতা (৩৬), দ্বিজেন কলিতা (৪০), ৰীতা কলিতা (৩২), চিনাকি কলিতা (ডেৰ বছৰ) আৰু দেৱজিত কলিতা (১৪)৷ তেতেলীয়া–বাউসীৰ দ্বিজেন কলিতাৰ গৃহত পহিলা অক্টোবৰত নৱজাতক সন্তানৰ জন্ম গণনাৰ বাবে এক মাংগলিক অনুষ্ঠানৰ আয়োজন কৰিছিল৷

সেইসূত্রে আত্মীয়, সম্পর্কীয় লোকৰ লগতে গাঁৱৰ মানুহক অনুষ্ঠানলৈ নিমন্ত্রণ জনাইছিল৷ পহিলা অক্টোবৰত দ্বিজেন কলিতাৰ ঘৰত আয়োজন কৰা মাংগলিক অনুষ্ঠানত গাঁওখনৰ অর্ধশতাধিক লোকে বুটমাহৰ প্রসাদ খায়৷ সিদিনা মাজনিশাৰ পৰা প্রায়সংখ্যক লোকৰ পেটৰ বিষ, বমি, পাতল শৌচ হ’বলৈ ধৰে৷ নিশা তেনেকৈ থকাৰ পাছত পৰিয়ালৰ লোকে কিছুসংখ্যক লোকক পুৱা হাজো বিষ্ণুৰাম মেধি সামূহিক চিকিৎসালয়ত ভর্তি কৰে আৰু অন্য একাংশ আক্রান্ত লোকক শুৱালকুছি আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্রেৰণ কৰা হয়৷

সম্প্রতি হাজোত চিকিৎসাধীন হৈ থকা আটাইকেইজন বিপদমুক্ত৷ ঘটনাৰ খবৰ পোৱা মাত্রেই হাজোৰ বিধায়িকা সুমন হৰিপ্রিয়া চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসাধীন হৈ থকা আক্রান্ত ৰোগীসকলৰ খবৰ লোৱাৰ লগতে আশু আৰোগ্য কামনা কৰে৷

You might also like