নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰেণ্য ৰঞ্জন বৰঠাকুৰক তিনি দিনৰ বাবে দুর্নীতি নিবাৰকৰ জিম্মালৈ প্রেৰণ

নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ দুর্নীতিৰ অভিযোগত গ্রেপ্তাৰ কৰা ঠেলামৰা ৰাজহ চক্রৰ বিষয়া বৰেণ্য ৰঞ্জন বৰঠাকুৰক তিনি দিনৰ বাবে দুর্নীতি নিবাৰকৰ জিম্মালৈ প্রেৰণ কৰিছে বিশেষ ন্যায়াধীশৰ আদালতে৷ শনিবাৰে কাহিলিপাৰাৰ পৰা গ্রেপ্তাৰ কৰা বৰঠাকুৰক দেওবাৰে আদালতত হাজিৰ কৰোৱাৰ লগতে চাৰি দিনৰ বাবে নিজৰ জিম্মাত বিচাৰিছিল দুর্নীতি নিবাৰকে৷

উল্লেখ্য যে ঠেলামৰা ৰাজহ চক্র বিষয়া কার্যালয়ৰ মণ্ডল ধৃত গুলজাৰ হুছেইনৰ স্বীকাৰোক্তিৰ ভিত্তিত বৰঠাকুৰক দুর্নীতিত জড়িত থকাৰ অভিযোগত গ্রেপ্তাৰ কৰা হৈছিল৷ গুলজাৰক গ্রেপ্তাৰ কৰাৰ পিছতে গ্রেপ্তাৰৰ আশংকাত গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছিল৷

অৱশ্যে জামিন আবেদনৰ শুনানিৰ পূর্বে তেওঁক গ্রেপ্তাৰ কৰে৷ ধৃত বৰেণ্য ৰঞ্জন সমাজকল্যাণ বিভাগৰ প্রাক্তন সঞ্চালক দিলীপ বৰঠাকুৰৰ পুত্র৷ সমাজকল্যাণ বিভাগৰ ২,২০০ কোটিটকীয়া দুর্নীতিত লিপ্ত থকাৰ অভিযোগত বৰেণ্য ৰঞ্জনৰ পিতৃ দিলীপ বৰঠাকুৰেও জে’লৰ ভাত খাবলগীয়া হৈছিল৷

You might also like