নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভা সম্পন্ন

"কেৱল মেধা হ’লেই নহ’ব। সমাজখনক জানিব লাগিব"-

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰ: ‘‘মানুহৰ মাজত মানুহ হৈ জীয়াই থাকি এখন সুন্দৰ উন্নত দেশৰ বাসিন্দা হ’বলৈ প্ৰথম আমাক লাগিব সজ শিক্ষা ,সজ চিন্তা ,সততা আৰু সু-স্বাস্থ্য । এইসমূহ অমূল্য সম্পদৰ অধিকাৰী হ’ব পাৰিলেহে আমি নিজকে প্ৰকৃতাৰ্থত মানুহ বুলি পৰিচয় দিব পাৰিম।” ঢকুৱাখনা মহকুমাৰ গোবিন্দপুৰস্থিত হাৰ্হি মহাবিদ্যালয়ৰ আজি অনুষ্ঠিত হোৱা  ২১তম নৱাগত আদৰণি সভাৰ  মুকলি সভাত ভাগ লৈ এই মন্তব্য কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ উপাধ্যক্ষ চিত্ৰ কুমাৰ কোচে।মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ছাত্ৰ একতা সভাৰ সভাপতি ডঃ মানসজ্যোতি নেওগৰ সভাপতিত্বত অনুষ্ঠিত  মুকলি সভাত উপাধ্যক্ষ কোচে সংকীৰ্ণতা পৰিহাৰ কৰি দৰিদ্ৰতা আৰু সীমাবদ্ধতাক অতিক্ৰম কৰি মননশীলতাৰে নিজৰ কৰ্মত অগ্ৰসৰ হৈ সততাৰে জীৱন-যাপন কৰিবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনায়।মুকলি সভাখন উদ্বোধন কৰে ঢকুৱাখনা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা লখিমপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাই ।ছাত্ৰীসকলক উদ্দেশ্যি দিয়া ভাষণত অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাই প্ৰধানকৈ  মানসিক-বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে ছাত্ৰ-ছাত্ৰীৰ দায়িত্বৰ ওপৰত আলোকপাত কৰে।

মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক দেৱজিত খাটনিয়াৰে। সভাখনত সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি উৎপল শৰ্মাই আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত ছাত্ৰ সন্থাৰ উপ-সভাপতি গৰাকীয়ে নিজৰ শিপাৰ লগত সদায় দৃঢ়ভাৱে সংলগ্ন হ’বলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনাই কয় -“নিজৰ ঐতিহ্য, সমাজ-সংস্কৃতিৰ বিষয়ে জনা ছাত্ৰ-ছাত্ৰীহে সমাজৰ ধৰণী হ’ব পাৰে। কেৱল মেধা হ’লেই নহ’ব। সমাজখনক জানিব লাগিব”।

ভাষণত ছাত্ৰ নেতাগৰাকীয়ে ছাত্র-ছাত্ৰী সকলক অধ্যয়নত গুৰুত্ব দি সজ পথ বাচি লৈ দেশৰ একো একোজন সু নাগৰিক হিচাপে দেশ মাতৃক সেৱা কৰিবলৈ আহ্বান জনায়।মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগাঠনিক সম্পাদক পুলক বৰা,কাৰ্যনিৰ্বাহক সদস্য ধনমণি দত্ত,লখিমপুৰ জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি সীমান্ত নেওগ, সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈৰ লগতে বহুকেইজন গণ্য-মান্য উপস্থিত থাকে।ছাত্ৰ-ছাত্ৰীসকলৰ ফালৰ পৰা নয়নমণি দত্ত আৰু প্ৰণীতা গুৰুঙৰ সৃষ্টিমূলক নৃত্য,নাৰায়ণ শইকীয়া,টিনা কোচৰ আধুনিক নৃত্যৰ লগতে লীনা বুঢ়াগোহাঁইৰ নেতৃত্বত দলীয় জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শনে অনুষ্ঠানটো উপভোগ্য কৰি তোলে। ইয়াৰ আগতে পুৱা পতাকা উত্তোলনেৰে নৱাগত আদৰণি সভাৰ শুভাৰম্ভ কৰে ছাত্ৰ একতা সভাৰ সভাপতি পিংকু গোস্বামীয়ে।ইয়াৰ পাছতেই সহযোগী অধ্যাপক ৰাজেশ চেতিয়া,জিতু কুমাৰ চমুৱা,প্ৰতিমা চেতিয়া আৰু পদ্মকান্ত দলেৰ সঞ্চালনাত অনুষ্ঠিত হোৱা ন-পুৰণি ছাত্ৰ-ছাত্ৰীৰ চিনাকি পৰ্ব-অন্তৰংগ আলাপত ছাত্ৰ-ছাত্ৰীসকলে  পৰিৱেশন কৰা গীত-নৃত্য-অভিনয়ৰে মহাবিদ্যালয়ৰ  পৰিৱেশ মুখৰিত কৰি তোলে।বিয়লিলৈ অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানেৰে নৱাগত আদৰণি সভা সামৰণি পৰে।

You might also like