নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত বৃহৎ পৰিমাণৰ গাঞ্জা সহ এখন হোটেলৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰ: ৰঙিয়া আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বৃহৎ পৰিমাণৰ গাঞ্জা সহ এখন হোটেলৰ স্বত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে গাঞ্জাসহ হাতে লোতে গ্ৰেপ্তাৰ কৰা ব‍্যক্তিজন হৈছে ৰঙিয়াৰ মুৰাৰাৰ আচান আলী । ৰঙিয়া থানাৰ নগৰ উপ পৰিদৰ্শক সমৰজ্যোতি ডেকাৰ নেতৃত্বত চলা অভিযানটোত আৰক্ষীয়ে ৰঙিয়া হাইৱে চ’কত থকা আচান আলীৰ হোটেল ‘ফাতেমা’ত অতৰ্কিতে অভিযান চলাই প্ৰায় ১ কেজি গাঞ্জা জব্দ কৰে । জব্দ হোৱা গাঞ্জাখিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক টকা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ । বৰ্তমান আৰক্ষীয়ে আচান আলীক গ্ৰেপ্তাৰ কৰি ৰঙিয়া থানাত জেৰা অব্যাহত ৰাখিছে ।

You might also like