নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱত ক’ৰোনা সংক্ৰমণ সন্দৰ্ভত পৰিস্থিতিৰ বুজ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বার্তা, ১৭জুলাই : “নগাঁও জিলাত এতিয়ালৈকে প্ৰায় এহেজাৰ ক’ভিড ৰোগীৰ চিকিৎসা হৈছে। কিন্তু ৩০ আগষ্ট পৰ্যন্ত এই ৰোগীৰ সংখ্যাই ২৫০০ স্পৰ্শ কৰাৰ সম্ভাৱনা আছে।তাৰ পৰিপ্ৰেক্ষিতত আমি ইয়াত ক’ভিড কেয়াৰ চেন্টাৰ বনোৱা, হাস্পতালৰ বাহিৰতো আমি কেনেকৈ ৰোগীক চিকিৎসা কৰিব পাৰো তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাৰ ব্যৱস্থা লৈছোঁ।” এই মন্তব্য ৰাজ্যৰ স্বাস্থ্য, বিত্ত, গড়কাপ্তানি আদি দপ্তৰৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

আজি নগাঁৱত ক’ৰ’না সংক্ৰমণ সন্দৰ্ভত পৰিস্থিতিৰ বুজ লব আহি সংবাদ মাধ্যমৰ আগত ডঃ শৰ্মাই কয়, “আমি নগাঁৱত আধাঘন্টাতে পজিটিভ, নিগেটিভ ৰিজাল্ট ওলোৱা ৰেপিড এন্টিজেন টেষ্টৰ ব্যৱস্থা কৰিছো। তাৰোপৰি, নগাঁও টাউনৰ ৰাইজৰ সুবিধা হোৱাকৈ চহৰ খনৰ চাৰিটা কোণত চাৰি খন স্কুলত চাৰিটা ষ্কীণিং চেন্টাৰ বহুৱাব দিছো।ৰাইজ তালৈ আহিব পাৰিব।কাৰোবাৰ যদি জ্বৰ,কাহ,মূৰৰ ঘূৰণী আছে তেওঁ লোক আহি পৰীক্ষা কৰি আধা ঘন্টাতে নিজৰ টেষ্টৰ ৰিপ’ৰ্ট নিজে প্ৰত্যক্ষ কৰিব পাৰিব। নগাঁৱত পজিটিভ ৰোগীৰ চিকিৎসাৰ বাবে তিনিশ খন মান বিচনা আছে, আৰু এশখন মান বিচনাৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগক পৰামৰ্শ দিছো।”
“ভাৰত চৰকাৰে এক পত্ৰ যোগে অহা ৩০ আগষ্টৰ ভিতৰত অসমত কৰ’না ৰোগীৰ সংখ্যা ৬৫০০০ বৃদ্ধি পাৱ আৰু কেৱল গুৱাহাটীতে এনে ৰোগীৰ সংখ্যা ৩২০০০ হ’বগৈ বুলি ৰাজ্য চৰকাৰক জানিবলৈ দিয়ে।” আজি সংবাদমেলত এই কথা সদৰী কৰি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী ডঃ শৰ্মাই কয়, “কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা সেই পত্ৰ খনত অহা ৩০ আগষ্টৰ ভিতৰত নগাঁও জিলাতো কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ২৪০০ জনতকৈ অধিক হ’বগৈ বুলি ধাৰণা দিয়া হৈছে।”

আনহাতে,গুৱাহাটীৰ পাছতেই নগাঁও, গোলাঘাট, যোৰহাট,ডিব্ৰুগড়, শিলচৰ জিলাৰ সদৰ চহৰ কেইখনত কৰ’না ৰোগীৰ সংখ্যা বৃদ্ধি হ’ব পাৰে বুলিও কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰলৈ বাৰ্তা প্ৰেৰণ কৰিছে বুলি সদৰী কৰি স্বাস্থ্য মন্ত্ৰী শৰ্মাই কয় যে, ” মই আজি নগাঁৱলৈ অহাৰ কিছু সময়ৰ আগত পত্ৰ খন লাভ কৰিছিলো। আজি গুৱাহাটীত এই বিষয়ে বিষয়া সকলে আলোচনা কৰি আছে। মই ঘূৰি গৈ এই পত্ৰৰ বিষয়ে চিকিৎসা বিশেষজ্ঞ সকলৰ লগত আলোচনা কৰিম।” লগতে ৰাজ্য খনত ক’ৰ’নাৰ ভয়াৱহতাৰ কথা উল্লেখ কৰি স্বাস্থ্য মন্ত্ৰী ডঃ শৰ্মাই আৰু কয়, “প্ৰথমে ৰোগটোৰ ভয়াবহতা ইমান বেছি নাছিলে, ৰোগীয়ে হয়তো বিহু গায়, গান গায় সময়টো পাৰ কৰিছিল। কিন্তু গুৱাহাটীত বৰ্তমান ৰোগটোৰ ভয়াবহতা বৃদ্ধি হৈছে আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বৰ্তমানেও চাৰিশতকৈয়ো অধিক জটিল কৰ’না ৰোগী চিকিৎসাধীন হৈ আছে। দিল্লী,মুম্বাইত যি দৰে ৰোগটো ক্ৰিটিকেল দেখা গৈছিল অসমতো ৰোগটো ক্ৰিটিকেল ৰূপত প্ৰকট হ’বলৈ ধৰিছে। যোৰহাট,ডিব্ৰুগড় সকলোতে এতিয়া আই চি ইউত ৰোগী আছে। তথাপিও ভগৱানৰ কৃপাত অসমত এই ৰোগীৰ মৃত্যুৰ হাৰ তুলনামূলকভাৱে কম।চিকিৎসাই সঁহাৰি দিছে।” ৰাজ্য খনত স্বাস্থ্য কৰ্মী সকলৰ একাংশ কৰ’নাত আক্ৰান্ত হোৱাৰ সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “ৰোগীৰ সংখ্যা বঢ়াৰ লগে লগে অসমৰ চাৰিওফালে স্বাস্থ্য কৰ্মীও কৰ’নাত আক্ৰান্ত হৈছে। প্ৰায় তিনিশ স্বাস্থ্য কৰ্মী কৰ’নাত আক্ৰান্ত হৈছে যদিও তেওঁলোকৰ মনোবল অটুট আছে। সুস্থ হৈ অহাৰ পিছত তেওঁলোকে চিকিৎসা সেৱাত ব্ৰতী হৈছে। তেওঁ লোকৰ ত্যাগক কৃতজ্ঞতাৰে শ্ৰদ্ধা জনাইছো।”

নগাঁৱত তলাবন্ধ ঘোষণা কৰাৰ বিষয়ে চিন্তা চৰ্চা কৰিছে নেকি বুলি সোধাত তেওঁ কয়,”নগাঁৱৰ ৰাইজে যদি মাস্ক পিন্ধে, সামাজিক দূৰত্বৰ নিৰ্দেশনা মানি চলে তেতিয়া তলাবন্ধৰ প্ৰয়োজনীয়তা নাহিব।প্ৰয়োজনত তলাবন্ধ ঘোষণা কৰাৰ কৰ্তৃত্ব জিলা উপায়ুক্তক দিয়া হৈছে।”

নগাঁও জিলাত জাপানী এনকেফেলাইটিছ ৰোগৰ ভয়ংকৰ প্ৰাদূৰ্ভাৱৰ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰী ডঃ শৰ্মাই কয়,”নগাঁৱত জাপানী এনকেফেলাইটিছত আক্ৰান্ত ন গৰাকী লোকক চিনাক্ত কৰা হৈছে। ইয়াৰে আগতে ভেকচিন লোৱা দুই এজন লোকো আছে। এই ৰোগী সকলক চিকিৎসাই সঁহাৰি দিছে। তেওঁ লোক সুস্থ হৈ উঠিছে। যোৱা বাৰৰ তুলনাত এইবাৰ ভয়াবহ হোৱা নাই।সাধাৰণতে জাপানীজ এনকেফেলাইটিজ ৰোগে আগষ্ট-ছেপ্টেম্বৰ মাহতহে ভয়াবহ ৰূপ ধাৰণ কৰে।তাৰ প্ৰতি আমি চকু ৰাখিম।” প্লাজমা থেৰাপি সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে কয়, ” নগাঁৱত যদি প্লাজমা থেৰাপিৰ প্ৰয়োজন হয় তেন্তে প্লাজমা বেংকৰ পৰা প্লাজমা পঠাই দিব লাগিব। তাৰ কাৰণে ৰাইজে প্লাজমা দান দিব লাগিব। গুৱাহাটীত এতিয়া ৭-৮ টা মান প্লাজমা পেকেট জমা হৈছে।” ইয়াৰ আগতে মন্ত্ৰী গৰাকীয়ে নগাওঁ ভোগেশ্বৰী ফুকননি অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতাল পৰিদৰ্শন কৰি ক’ভিড চিকিৎসাৰ বুজ লয়। তদুপৰি মন্ত্ৰী গৰাকীয়ে
নগাওঁ আবৰ্ত ভৱনত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক দ্বয় ৰূপক শৰ্মা আৰু ডিম্বেশ্বৰ দাস, জিলা উপায়ুক্ত যাদৱ শইকীয়া,জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ অতুল চন্দ্ৰ পাটৰকে ধৰি জিলাখনৰ উচ্চপদস্থ বিষয়া সকলৰ লগত ক’ৰ’না সম্পৰ্কত এক আলোচনাত মিলিত হয়।

You might also like