বিশেষ বাৰ্তা, ২৪ নৱেম্বৰঃ লাচিত বৰফুকনৰ দৰে বীৰ যোদ্ধা নাথাকিলে আজি ভাৰতত উত্তৰ–পূর্বাঞ্চল নাথাকিলেহেতেন৷ কেৱল উত্তৰ–পূর্বাঞ্চল বুলি নহয় লাচিত বৰফুকনে সমগ্র দক্ষিণ পশ্চিম এছিয়াৰ ভাষা–সংস্কৃতিৰ ৰক্ষা কৰিছিল৷ মহান এই বীৰজনাই মোগলক প্রতিহত কৰি উত্তৰ–পূর্বাঞ্চলৰ লগতে সমগ্র দক্ষিণ পশ্চিম এছিয়াক ৰক্ষা কৰিছিল৷ দিল্লীৰ বিজ্ঞান ভৱনত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ দ্বিতীয় দিনা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি এই তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়৷ মঞ্চত গৃহমন্ত্রী শ্বাহৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপৰি কেন্দ্রীয় জাহাজ, বন্দৰ আৰু জলপথমন্ত্রী সর্বানন্দ সোণোৱাল, বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, দেশৰ প্রাক্তন মুখ্য ন্যায়াধীশ তথা সাংসদ ৰঞ্জন গগৈ, কেন্দ্রীয় ৰাজ্যমন্ত্রী ৰামেশ্বৰ তেলী, সাংসদ তপন গগৈ, ৰাজ্যৰ মন্ত্রী পীয়ূষ হাজৰিকা আৰু মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ উপস্থিত থাকে৷ নিজ ভাষণত কেন্দ্রীয় গৃহমন্ত্রীজনে বাৰম্বাৰ লাচিত বৰফুকনে আগ্রাসী মোগলক প্রতিহত কৰি কেনেদৰে দেশৰ তথা এছিয়াৰ এটা অংশক নিজৰ ভাষা সংস্কৃতি ৰক্ষাত সহায় কৰিছিল তাৰ ব্যাখ্যা দাঙি ধৰে৷ আনকি লাচিতে কেনেদৰে সমগ্র দক্ষিণ পশ্চিম এছিয়াত সনাতনী ধর্মৰ প্রসাৰত সহায় কৰিছিল সেই কথাও ব্যক্ত কৰে শ্বাহে৷ বাস্তৱত এই অনুষ্ঠানৰ জৰিয়তে লাচিতৰ বীৰগাথা সমগ্র দেশৰ সমুখত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যেনেদৰে দাঙি ধৰিছে তাৰ বাবে গৃহমন্ত্রীজন মুখ্যমন্ত্রীৰ শলাগ লৈ কয় যে এয়া দেশৰ বাবে তথা সভ্যতাৰ বাবে উৎসর্গিত কাম৷ আনহাতে লাচিত বৰফুকনে কেনেদৰে অসমৰ জনগোষ্ঠীসকলক ঐক্যবদ্ধ কৰাত ব্রতী হৈছিল সেই কথা ব্যক্ত কৰি শ্বাহে কয় যে সৰু–সুৰা জনগোষ্ঠীৰ সহায় লৈ তথা তেওঁলোকক একত্রিত কৰি লাচিতে দৰাচলতে চাৰি শতিকা পূর্বেই অখণ্ড ভাৰত নির্মাণৰ সূচনা কৰিছিল৷ শ্বাহৰ মতে, স্বৰাজৰ ধাৰণা লাচিত বৰফুকনৰ কর্মৰ যোগেদিও প্রতিফলিত হৈছে৷ লাচিতৰ জয় দৰাচলতে স্বৰাজৰ জয় বুলি তেওঁ অভিহিত কৰে৷ আনহাতে সাহসিকতাৰ ব্যাখ্যা যদি আমাক দাঙি ধৰিব লাগে তেনেহ’লে লাচিত বৰফুকনৰ জীৱন কাহিনীই ইয়াৰ বাবে যথেষ্ট৷ মহাভাৰতত থকা বীৰত্বৰ যি ৫ বিধ গুণ আছিল তাৰ সকলোবোৰ লাচিতৰ শৰীৰ তথা মনত আছিল বুলি তেওঁ ভাষণত প্রকাশ কৰে৷ আনহাতে নিজৰ ভাষণত শৰাইঘাটৰ যুদ্ধৰ কথা উল্লেখ কৰি গৃহমন্ত্রীজনে কয় যে শৰাইঘাটৰ কথা সকলোয়ে সদায় স্মৰণ কৰি আহিছে আৰু আগন্তুক প্রজন্মও সদায় কৰি থাকিব৷ একেদৰে ‘দেশতকৈ মোমাই ডাঙৰ নহয়’– লাচিতৰ এই উক্তি দাঙি ধৰি গৃহমন্ত্রীৰ প্রশ্ন– ইয়াতকৈ দেশভক্তিৰ আৰু উৎকৃষ্ট উদাহৰণ কি হ’ব পাৰে? পিছে লাচিত বৰফুকনক লৈ ইতিহাসবিদসকলৰ যি অনীহা তাকলৈ প্রশ্ন উত্থাপন কৰি অমিত শ্বাহে ইতিহাসৰ পুনৰলিখনৰ পোষকতা কৰে৷ উল্লেখ্য যে আজিৰ অনুষ্ঠানত ৰাজ্যৰ কলেজ আৰু বিশ্ব বিদ্যালয়সমূহৰ ইতিহাসৰ ছাত্র–ছাত্রীসকলো উপস্থিত আছিল৷ এই ছাত্র–ছাত্রীসকলৰ লগতে দেশৰ বুৰঞ্জীবিদসকলৰ উদ্দ্যেশি অমিত শ্বাহৰ আহ্বান– আপোনালোক গৱেষণা কৰক আৰু অনাগত দিনত নতুনকৈ ইতিহাসৰ পাঠ প্রস্তুত কৰক৷ কাৰণ নিজৰ দেশৰ ইতিহাসকলৈ গৌৰবান্বিতবোধ কৰিব নোৱাৰিলে কোনো জাতি মহান হ’ব নোৱাৰে৷ লক্ষণীয়ভাৱে কেন্দ্রীয় গৃহমন্ত্রীজনে লাচিতৰ বীৰকথা প্রসাৰৰ বাবে দেশৰ বিভিন্ন ভাষাত গ্রন্থ আকাৰত প্রকাশ কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক আহ্বান জনায়৷ ইয়াৰ বাবে হিন্দীকে ধৰি আন ১০টা ভাষা বাছি ল’বলৈ তেওঁ মুখ্যমন্ত্রীক অনুৰোধ জনায়৷ উল্লেখ্য যে গৃহমন্ত্রীজনে আজি বীৰ লাচিত বৰফুকনক লৈ ইতিহাসবিদ সূর্য কুমাৰ ভূঞাৰ কর্মৰাজিৰ বিষয়ে নিজৰ ভাষণত স্মৰণ কৰি তেওঁৰ গ্রন্থখনো বিভিন্ন ভাষাত অনুবাদ কৰাৰ প্রয়োজনীয়তাৰ কথা দোহাৰে৷ ইপিনে শ্বাহে আজি অসম চৰকাৰে লাচিতকলৈ প্রস্তুত কৰা এখন তথ্যচিত্রও মুকলি কৰে৷ ৪৫ মিনিটৰ তথ্যচিত্রখনৰ ১৫ মিনিটৰ সাৰাংশ আজিৰ অনুষ্ঠানত প্রদর্শনো কৰা হয়৷ আনহাতে বিজ্ঞান ভৱনৰ ভিতৰত আহোম ৰাজত্বৰ ইতিহাসৰ নিদর্শন দাঙি ধৰা প্রদর্শনী তথা সংগ্রহালয়ৰ কথাও সবিশেষ উল্লেখ কৰি উক্ত প্রদর্শনী সকলোকে প্রত্যক্ষ কৰিবলৈ আহ্বান জনায় কেন্দ্রীয় গৃহমন্ত্রীজনে৷ উল্লেখ্য যে অনুষ্ঠানৰ আৰম্ভণিতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন মুগাৰ গামোচা, মুগাৰ চেলেং, লাচিতৰ ব্রঞ্জৰ প্রতিমূর্তি আৰু আহোমসকলৰ এখন পৰম্পৰাগত হেংদাঙেৰে উষ্ণ সম্বর্ধনা জনায়৷