নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাচিত দিৱস : বেহেলাৰ চিম্ফনীত ৰজনজনালে পাঠশালা

নিয়মীয়া বাৰ্তা, ২৪ নৱেম্বৰঃ বজালী জিলা প্ৰশাসনৰ উদ্যোগত জিলা আৰক্ষী, অন্যান্য চৰকাৰী বিভাগ আৰু বজালীবাসীৰ সহযোগত যোৱা ১৮ নৱেম্বৰৰ পৰা বজালী জিলাৰ বিভিন্ন প্ৰান্তত উদযাপন কৰি অহা মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জয়ন্তীৰ বিভিন্ন কাৰ্যসূচীৰ অংশস্বৰূপে আজি পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয় বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ লগতে আতচবাজী প্ৰদৰ্শন৷ ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে উদ্বোধন কৰা আৰু যোগান বিভাগৰ বিষয়া নিতুল শৰ্মাই আঁত ধৰা অনুষ্ঠানত একেলগে ৭০গৰাকী বেহেলা বাদকে সুৰৰ চিম্ফনীৰে মোহিত কৰি তোলে অগণন দৰ্শকক৷ বজালী জিলাধিপতি কাবেৰী বি শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰা আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰবীন নাট্যযোদ্ধা কৃৃষ্ণ ৰয়ে আতচবাজী প্ৰদৰ্শন উদ্বোধন কৰা অনুষ্ঠানত ভায়লিন বাদকসকলে যুদ্ধ শীৰ্ষক অনুষ্ঠানেৰে দাঙি ধৰিলে জাতীয় বীৰ লাচিতৰ সাহস আৰু পৰাক্ৰমৰ নিদৰ্শন। সংগীত শিল্পী দীপক বৰুৱাই সামগ্ৰিক পৰিচালনা কৰা চিম্ফনী অনুষ্ঠানত পাঠশালাৰ সপ্ত শ্ৰুতিমালাৰ ছাত্র ছাত্রীসকলে পৰিৱেশন কৰা মনোগ্রাহী অনুষ্ঠানটোৰ পাছতে থলুৱা আতচবাজী প্ৰদৰ্শনেৰে মুখৰিত হৈ পৰে বজালী জিলাৰ সদৰ পাঠশালা৷

প্ৰেৰক কল্যাণ কলিতা

You might also like