নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অনাগত সময়ত বিষাদগস্থতা বা ডিপ্ৰেছন ভাৰতত ৰোগৰ তালিকাত শীৰ্ষ স্থানলৈ উন্নীত হ’বঃ ডাঃ জয়ন্ত দাস

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ  অত্যাধিক কৰ্ম ব্যস্ততাৰ মাজত প্ৰতিটো দিন পাৰ কৰা আৰক্ষীৰ বিষয়া কৰ্মচাৰী সকলে বিভিন্ন সময়ত হতাশগস্থতা বা ডিপ্ৰেছন ৰ বলি হৈ। প্ৰতিদিনে বাঢ়ি অহা প্ৰত্যাহ্বানৰ মুকাবিলা কৰিবলৈ গৈ বহু সময়ত নিজৰ বাবে অথবা পৰিয়ালৰ বাবে উপভোগ্য সময় লাভত ব্যৰ্থ হয় আৰক্ষীসকল। এনে অৱস্থাত বহু সময়ত প্ৰয়োজন হৈ মানসিক ৰোগৰ চিকিৎসকৰ পৰামৰ্শ ৰ।

মৰিগাঁৱ নগৰৰ পবিতৰা হাত পেক্ষগৃহত আজি বিশ্ব মানসিক স্বাস্থ্য সপ্তাহ উপলক্ষে মৰিগাঁৱ জিলা মানসিক স্বাস্থ্য আঁচনিৰ উদ্যোগত আৰু indian pchycriatic society আৰু মন নিৰাময়ৰ উদ্যোগত এক বিশেষ আলোচনা অনুষ্ঠিত হৈ যত আৰক্ষীৰ লোক সকলৰ মাজত ডিপ্ৰেছনৰ প্ৰভাৱ সম্পৰ্কত আৰক্ষীৰ লোক সকলৰ সৈতে মত বিনিময় কৰে বিশিষ্ট মনোৰোগ চিকিৎসক ডাঃ জয়ন্ত দাসে।

উক্ত আলোচনা তথা মত বিনিময় অনুষ্ঠানৰ শুভাৰম্ভ কৰে মৰিগাঁৱ জিলাৰ আৰক্ষী অধীক্ষক অপৰ্ণা নতৰাজনে। মৰিগাঁও জিলা মানসিক স্বাস্থ্য কায্যক্ৰমৰ মানসিক সমাজ তত্ব বিড নিমিষা বৰাই আঁত ধৰা এই অনুষ্ঠানটিত উপস্থিত থাকে মৰিগাঁও ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুপ্ৰতিভ লাল বৰুৱা, মৰিগাঁও জিলা মানসিক স্বাস্থ্য কায্যক্ৰমৰ বিষয়া চিকিৎসক ডাঃ দত্ত, উপ আৰক্ষী অধীক্ষক সদৰ মৌসুমী দাস, উপ আৰক্ষী অধীক্ষক সীমান্ত ধনীৰাম বৰাই। উল্লেখ্য উক্ত অনুষ্ঠান টিত বিশেষজ্ঞ চিকিৎসক ডাঃ জয়ন্ত দাসে মৰিগাঁৱ জিলাৰ বিভিন্ন শীৰ্ষ আৰক্ষী বিষয়া তথা থানা সমূহত দায়িত্বত থকা বিষয়া যোৱান সকলৰ সৈতে ডিপ্ৰেছন আৰু সুস্থ মানসিক স্বাস্থ্য বজাই ৰখা সন্দৰ্ভত আলোচনা কৰে।

You might also like