নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজকন্যাক জি এন আৰ চিৰ আই চি ইউত ভৰ্তি কৰিছিল ডাঃ নভনীল বৰুৱাই

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ  তদন্তৰ আওতালৈ ৰাজকন্যাক সুৰক্ষা দিয়া জি এন আৰ চিৰ চিকিৎসক নভনীল বৰুৱা। অভিযুক্তক ৰক্ষণাবেক্ষণ দিয়াৰ অপৰাধত আৰক্ষীয়ে জি এন আৰ চি লৈ জাৰি কৰিছে দুখন জাননী । জি এন আৰ চিৰ কৰ্তৃপক্ষ আৰু ডাঃ নভনীল বৰুৱা আহিব তদন্তৰ আওতালৈ। সুস্থ ৰাজকন্যাক অসুস্থ বুলি জি এন আৰ চিৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল।

ইয়াৰ মাজতে পােহৰলৈ আহিছে ৰাজকন্যাৰ মেডিকেল প্রেক্রিপছন । চিকিৎসক  নৱনীল বৰুৱাৰ নির্দেশ মর্মেই ৰাজকন্যা বৰুৱাক প্ৰেৰণ কৰা হৈছিল আইচিইউলৈ।

উল্লেখ্য যে  একমাত্ৰ ঘনিষ্ঠ হোৱাৰ বাবেই ৰাজকন্যাক এনেদৰে গ্ৰেপ্তাৰৰ পৰা বচাবলৈ জিএনআৰচিৰ এজন আগশাৰীৰ চিকিৎসকে চেষ্টা চলাইছিল বুলি চৰ্চালৈ আহিছিল। সততে বুদ্ধিজীৱী-চিন্তাবিদ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ বিচৰা খ্যাতনামা উল্লেখিত জেষ্ঠ চিকিৎসকজনৰ হস্তক্ষেপতে জিএনআৰচিৰ আইচিইউত স্থান লাভ কৰিছিল ৰাজকন্যাই।

মনকৰিব লগীয়া যে   ৰুক্মিণীগাঁৱত ৯ জনকৈ শ্ৰমিকক বাহনেৰে মহতিয়াই আহত কৰা সুৰাসক্ত মডেল ৰাজকন্যা বৰুৱাক বুধবাৰে দিনত প্ৰায় এঘণ্টা স্বাস্থ্য পৰীক্ষা কৰে ৬ জনীয়া মেডিকেল ব’ৰ্ডে। কিন্তু মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদনত ধৰা নপৰিল ৰাজকন্যাৰ অসুস্থতা। মেডিকেল ব’ৰ্ডৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিয়ে  বুধবাৰে আৰক্ষীয়ে ৰাজকন্যাক গ্ৰেপ্তাৰ কৰে।

You might also like