নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাইড ইষ্টৰ উদ্যোগত দীঘলীপুখুৰীপাৰত আয়োজিত ভোগালী মেলা উদ্বোধন মন্ত্ৰী অতুল বৰাৰ

বিশেষ বাৰ্তা, ১১ জানুৱাৰীঃ বাপতিসাহোন ভোগালী বিহুটিৰ পৰম্পৰা তথা বিহুটিৰ সৈতে সংপৃক্ত অসমীয়া খাদ্য সম্ভাৰক চিনাকি কৰাই দিয়াৰ প্ৰয়াস কৰা হৈছে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ উদ্যোগত।এই উদ্দেশ্যে উত্তৰ-পূবৰ দুৱাৰমুখ গুৱাহাটী মহানগৰত এক গ্ৰাম্য পৰিৱেশত প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টে দীঘলীপুখুৰীপাৰত আয়োজন কৰিছে “ভোগালী মেলা-২০২৩”। আজি এই মেলাৰ শুভ উদ্বোধন কৰে কৃষিমন্ত্ৰী অতুল বৰাই। উদ্বোধন কৰি অতুল বৰাই প্ৰাইড ইষ্টৰ অধ্যক্ষা ৰিণিকি ভূঞা শৰ্মাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। লগতে অসম প্ৰদেশ কৃষক মৰ্চাৰ সহযোগিতাৰো শলাগ লয় কৃষিমন্ত্ৰীগৰাকীয়ে। অৰ্থনৈতিক স্বাৱলম্বনৰ পথ প্ৰশস্ত কৰাৰ লগতে ভোগালীৰ পৰম্পৰা ৰক্ষা আৰু ভোগালীৰ বাণিজ্যিকীকৰণতো এই মেলাখনে গুৰুত্বপূৰ্ণ ভূমিকা লোৱা বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। কিয়নো গ্ৰামাঞ্চলৰ মহিলাসকলে প্ৰস্তুত কৰা লাড়ু, পিঠাকে ধৰি ভোগালীৰ বিভিন্ন ভোগৰ সামগ্ৰী ক্ৰয়-বিক্ৰয়ৰ এক বিশেষ মঞ্চ প্ৰদান কৰিছে এই মেলাখনে। অসমীয়া গ্ৰাম্য জীৱনৰ অন্যান্য চহকী কৃষ্টি-সংস্কৃতিৰ পৰিৱেশো প্ৰাইড ইষ্ট লিমিটেডৰ অধ্যক্ষা ৰিণিকি ভূঞা শৰ্মাৰ উদ্যোগত অনাগত দিনত মহানগৰীত এইধৰণৰ অনুষ্ঠান উদযাপন কৰিব বুলি আশা কৰে মন্ত্ৰীগৰাকীয়ে। এই

 অনুষ্ঠানে দেশ-বিদেশৰ নাগৰিকক অসমৰ চহকী কৃষ্টি-সংস্কৃতিৰ বিষয়ে পৰিচয় কৰোৱাত এক সুযোগ প্ৰদান কৰিব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংস্থা, সংগঠন, আত্মসহায়ক গোট, কৃষক উৎপাদক কোম্পানী, কৃষক গোটে প্ৰস্তুত কৰা থলুৱা ভিন্ন খাদ্য সামগ্ৰী, বস্ত্ৰ, পৰম্পৰা, ৰন্ধন-প্ৰকৰণ আদি উপলব্ধ হৈছে। উদ্বোধনী অনুষ্ঠানত প্ৰাইড ইষ্টৰ অধ্যক্ষা ৰিণিকি ভূঞা শৰ্মা, বিজেপিৰ সাংগঠনিক সম্পাদক ফণী শৰ্মা, “নিউজ লাইভ”ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইন, “নিয়মীয়া বাৰ্তা”ৰ সম্পাদক নৰেশ কলিতা, বিজেপি অসম প্ৰদেশ কৃষক মৰ্চাৰ সভাপতি দেৱজিৎ বৰা, উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্য প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
You might also like