নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অযোধ্যাৰ ৰাম মন্দিৰত পাকিস্তানী নিষিদ্ধ সন্ত্রাসবাদীৰ আত্মঘাতী আক্রমণৰ ব্লুপ্রিণ্ট

নিয়মীয়া বাৰ্তা,১১জানুৱাৰী: অযোধ্যাৰ ৰাম মন্দিৰ সাজু হোৱাৰ পূর্বেই পাকিস্তানী নিষিদ্ধ সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবা আৰু জইচ–ই–মহম্মদে আত্মঘাতী আক্রমণৰ ব্লুপ্রিণ্ট ৰচিছে৷ উত্তৰপ্রদেশৰ অযোধ্যাত নির্মাণ হৈ থকা ৰাম মন্দিৰ ২০২৪ চনৰ ১ জানুৱাৰীত সাজু হৈ উঠিব বুলি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে ঘোষণা কৰাৰ পাছতে পাকিস্তানী সন্ত্রাসবাদী সংগঠনে মন্দিৰটোত আক্রমণৰ পৰিকল্পনা কৰিছে৷ শ্রীৰাম জনমভূমি মন্দিৰত আক্রমণ চলাই পাকিস্তানী সন্ত্রাসবাদীয়ে হিন্দু–মুছলমানৰ মাজত সাম্প্রদায়িক সংঘর্ষৰ সূত্রপাত ঘটোৱাৰ অভিসন্ধি চলাইছে৷ ভাৰতীয় চোৰাংচোৱা সংস্থাই লাভ কৰা তথ্য অনুসৰি অযোধ্যাৰ শ্রীৰাম জনমভূমি মন্দিৰত পাকিস্তানী সন্ত্রাসবাদী সংগঠন এলইটি আৰু জেইএমে আত্মঘাতী আক্রমণ চলাব৷ এই আত্মঘাতী আক্রমণৰ বাবে সংগঠন দুটাই অস্ত্র–শস্ত্র আৰু আত্মঘাতী বোমাৰু নেপালৰ পৰা ভাৰতত প্রৱেশ কৰাব৷ মন কৰিবলগীয়া যে পাকিস্তানৰ প্রধানমন্ত্রী হিচাপে শ্বেহবাজ শ্বৰীফে দায়িত্ব গ্রহণ কৰাৰ পাছৰে পৰা আইএছআয়ে ভাৰতত সন্ত্রাসবাদ সম্প্রসাৰণ কৰাৰ নতুন কৌশল অৱলম্বন কৰিছে৷ সেইমর্মে জম্মু–কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপ সম্প্রসাৰণ কৰিবৰ বাবে পাকিস্তানৰ পৰা সশস্ত্র সন্ত্রাসবাদী ভাৰতীয় ভূমিত অনুপ্রৱেশ ঘটাই আছে৷ জম্মু–কাশ্মীৰত প্রৱেশ কৰাৰ পাছতে পাকিস্তানী সন্ত্রাসবাদী ভাৰতীয় নিৰাপত্তা বাহিনীৰ সৈতে সংঘর্ষত নিহত হৈছে৷ পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআয়ে জম্মু–কাশ্মীৰত সন্ত্রাসবাদী কার্যকলাপ সম্প্রসাৰণ কৰাৰ লগতে অযোধ্যাৰ ৰাম মন্দিৰত আত্মঘাতী আক্রমণ কৰাৰ ব্লুপ্রিণ্টতো জড়িত হৈ আছে৷ ৰাম মন্দিৰত আত্মঘাতী আক্রমণৰ ব্লুপ্রিণ্ট ৰচা নিষিদ্ধ সন্ত্রাসবাদী সংগঠন এলইটি আৰু জেইএমক এইক্ষেত্রত পূর্ণ সহযোগ আগবঢ়াইছে আইএছআয়ে৷ চোৰাংচোৱাৰ তথ্য মতে, এলইটি আৰু জেইএমে ভাৰতৰ হিন্দুৰ বাবে প্রতি শ্রদ্ধাশীল ৰাম মন্দিৰত আক্রমণ চলালেই ইয়াৰ বিৰুদ্ধে হিন্দু ক্ষুব্ধ হ’ব আৰু মুছলমান সম্প্রদায়ৰ সৈতে সংঘর্ষত লিপ্ত হ’ব৷ উল্লেখ্য যে এলইটি আৰু জেইএমে ৰাম মন্দিৰত আত্মঘাতী আক্রমণ চলোৱাৰ ব্লুপ্রিণ্ট ৰচনাৰ পূর্বে বিশ্বত্রাস জেহাদী সংগঠন আল–কায়দাই ৰাম মন্দিৰ ভাঙি তাৰ স্থানত মছজিদ গঢ়িম বুলি হুংকাৰ দিছে৷ এসপ্তাহৰ ভিতৰতে সন্ত্রাসবাদী সংগঠনৰ এনে ভাবুকিক অতি গুৰুত্বসহকাৰে লৈ ৰাম মন্দিৰৰ সুৰক্ষাৰ বাবে নিৰাপত্ত বাহিনীয়ে বিশেষ ব্যৱস্থা গ্রহণ কৰাৰ পৰিকল্পনা লৈছে৷ ইপিনে, সন্ত্রাসবাদী সংগঠনকেইটাৰ আক্রমণৰ ব্লুপ্রিণ্ট সন্দর্ভত অধিক তথ্য সংগ্রহৰ বাবে চোৰাংচোৱা সংস্থাসমূহ সক্রিয় হৈ আছে৷

You might also like