নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এএছটিচিৰ বকো আস্থানৰ পয়ালগা ছবি : নহ’ল পৰিবহণ প্লাজাৰ আৰম্ভ

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ কামৰূপৰ বকো পৰিবহন আস্থানৰ পয়ালগা ছবিয়ে সাধাৰণ জনগণৰ নাক কোঁচ খুৱাই। পৰিবহন আস্থানটোৰ চৌহদৰ পৰিবেশ ইমানেই কদৰ্য্য যে আস্থানটোত প্ৰবেশ কৰিলেই নাক মুখ বন্ধ হৈ পৰে। ইফালে বকো বজাৰৰ মাজমজিয়াত অৱস্থিত বাছ আস্থানটোত নাই কোনো পানীৰ ব্যৱস্থা লগতে নাই প্ৰশ্চাৱগাৰ আৰু শৌচাগাৰ। ফলত বজাৰলৈ অহা সকলো শ্ৰেণীৰ লোকে আস্থানৰ চৌহদতে মুকলিকৈ প্ৰশ্চাৱ কৰে আৰু মুকলিকৈ ঘুৰি ফুৰা জীৱ জন্তুৱে পৰিবেশ বিনষ্ট কৰে। ইফালে বকো পৰিবহন আস্থানৰ চৰকাৰী কাৰ্য্যালয়টোও এখন দোকানত চলাই থাকিব লগা হৈছে। বিভাগটোৰ কাৰ্য্যালয় বুলিবলৈ ওপৰত চালি নথকা এটা ভঙা পঁজাহে আছে। আনহাতে বকো পৰিবহন আস্থানত নিৰ্মাণ কৰা পৰিবহন প্লাজাৰ এককুৰিতকৈ অধিক দোকান নিৰ্মাণ কৰা হৈছে যদিও দোকানৰ গৰাকীসকলে গ্ৰাহকৰ অপেক্ষাত দিনক দিনে হুমুনিয়াহ কাঢ়িব লগা হৈছে কাৰণ কদয্য পৰিবেশৰ বাবে গ্ৰাহক নাহে। উল্লেখ্য যে পৰিবহন বিভাগৰ বকো আস্থানৰ যি গৰাকী বিষয়াই দায়িত্ব পালন কৰি আহিছে তেওঁৰ কঠুৱা মাত কথাৰ বাবেই আস্থানটোৰ পৰিবেশ অধিক বিনষ্ট হোৱা অভিযোগ উত্থাপন হৈছে। কাৰণ আস্থানত মানুহে যি কোনো বাহন লৈ প্ৰবেশ কৰিলে বকোৰ আস্থানটোৰ বিষয়া গৰাকীয়ে মানুহ বোৰক খেদি দিয়ে। এনে বহু সংখ্যক সমস্যা আৰু বদনামত জৰ্জৰিত বকোৰ পৰিবহন আস্থানটো। ইফালে যাতায়াতৰ ক্ষেত্ৰত অধিক ৰাজহ আদায় হোৱা বিভাগটোৰ আস্থান সমুহৰ ভিতৰত বকো আস্থানটোও এটা। এনে এটা আস্থানৰ পয়ালগা ছবিয়ে প্ৰকাশ কৰে অসম চৰকাৰৰ সৰ্বাংগীন বিকাশৰ মিছা প্ৰতিশ্ৰুতিৰ। আনহাতে আস্থানটোত যি সকল ব্যক্তিয়ে লক্ষ্য লক্ষ্য টকা ব্যয় কৰি পৰিবহন প্লাজাত দোকান নিৰ্মাণ কৰিছে সেই সকল দোকানীয়ে আস্থানটোৰ দুৰৱস্থাৰ বাবে চিন্তিত হৈ পৰিছে। গতিকে অসম চৰকাৰৰ এই বিভাগটোৰ অধিক উন্নয়নৰ বাবে বকোৰ আস্থানটোৰ আধুনিকিকৰণ কৰি বকোৰ সৌষ্ঠৱ বঢ়াবলৈ চৰকাৰক আহ্বান জনাইছে সমাজ সচেতন ৰাইজে।

প্ৰেৰক বিষ্ণু ৰাম দাস

You might also like